শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

বালিপৰাৰ ওঠৰমাইলত বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ, আটক ৩

151

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰৰ বালিপৰাৰ ওঠৰমাইলত চাৰিদুৱাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। চাৰিদুৱাৰ আৰক্ষীৰ এটি তহলদাৰী দলে ওঠৰ মাইলত এখন নম্বৰপ্লেট বিহীন বলেৰ’ পিকআপ বাহনত তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় প্ৰায় ৮০ কাৰ্টন অৰুণাচলী সুৰা।

সুৰাখিনিৰ মূল্য প্ৰায় একলাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ কৰা অৰুণাচলী সুৰাখিনি অৰুণাচলৰ ৰাজগড়ৰ পৰা ঢেকিয়াজুলিৰ বাটাচীপুৰলৈ নি থকা হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাড়ীখনৰ চালকসহ তিনিজনক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে গাড়ীখনৰ চালক গহপুৰৰ মাধৱ দাস, লক্ষীৰাম বসুমতাৰী আৰু ঢেকিয়াজুলি বাটাচীপুৰৰ গিতেন বসুমতাৰী বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি