অৰুণাচলৰ টাপিৰ গাঁও কাণ্ডৰ মূল অভিযুক্তৰ লগতে ৩ সতীৰ্থক গ্ৰেপ্তাৰ…

অৰুণাচলৰ টাপিৰ গাঁও কাণ্ডৰ মূল অভিযুক্তৰ লগতে ৩ সতীৰ্থক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলৰ টাপিৰ গাঁও কাণ্ডৰ মূল অভিযুক্ত টংগাম জমোহক অসমৰ বিহপুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইটানগৰত থকা অসমৰ এটা ভাড়াতীয়া পৰিয়াল ঘৰত আত্মগোপন কৰি আছিল জমোহে ৷ দেওবাৰে পুৱা ৫ বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে গ্ৰেপ্তাৰ হৈছে জমোহৰ আন ৩জন সতীৰ্থক ৷ উদ্ধাৰ কৰা হৈছে অপৰাধ সংঘটিত কৰাত ব্যৱহাৰ হোৱা আনখন বাহনৰ ৷ অপৰাধীকেইজনৰ পৰা জব্দ কৰা হৈছে ৪ টাকৈ ম'বাইল ফোন । বৰ্তমান ইটানগৰ থানাত আছে তিনিউজন অভিযুক্ত । প্ৰাপ্ত খবৰ অনুসৰি জমোহৰ ঘৰত ভাড়া থকা আব্দুল কৰিম নামৰ বিহপুৰীয়াৰ কাছিকটা বাগানত ব্যক্তি এজনৰ শহুৰেক চফিকুলৰ ঘৰত আশ্ৰয় লৈ আছিল জমোহে ৷

মূল অভিযুক্ত টংগাম জমোহৰ সৈতে গ্ৰেপ্তাৰ হোৱা আন ৩ জন অভিযুক্তৰ নাম হৈছে দেউ টায়েম, গায়াম পাউ, আৰু টংগাম জমোহ । আনহাতে আৰক্ষীয়ে গাড়ীচালক আলচাফ হুছেইনক সোধ পোছৰ বাবে আটক কৰিছে৷ ঘটনাত ব্যৱহৃত হোৱা পলায়ন কৰা এখন KUV100 গাড়ীও জব্দ কৰা হৈছে ৷ গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ আৰ০২-৯৩১২।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in