ছাইবেৰিয়াৰ পাছত অৰুণাচলত স্ন’ টাইগাৰ

ছাইবেৰিয়াৰ পাছত অৰুণাচলত স্ন’ টাইগাৰ

ডিজিটেল সংবাদ, ইটানগৰঃ পৃথিবীৰ ভিতৰত একমাত্ৰ ৰাছিয়াৰ ছাইবেৰিয়া অঞ্চলতহে বৰফৰ মাজত সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৪ কিলোমিটাৰ উচ্চতাত বাঘ পোৱা যায় বুলি পৰিগণিত হৈছিল৷ কিন্তু বিশ্বৰ এই বিৰল পৰিঘটনাৰ মাজত নতুনকৈ সংযোজিত হৈছে অৰুণাচল প্ৰদেশৰ নাম৷ বৰফৰ মাজত বনৰজাৰ উপস্থিতি ধৰা পৰিছে অৰুণাচল প্ৰদেশৰ ডিবাং ভেলীত৷

বৰফৰ মাজত বাঘৰ বিচৰণভূমি হিচাপে বিশ্বৰ দ্বিতীয়খন ঠাই হ'ব এই ডিবাং সংৰক্ষিত বনাঞ্চল৷ ৪,১৪৯ বৰ্গ কিলোমিটাৰ অঞ্চল সাঙুৰি ১৯৮৯ চনত গঠন কৰা হৈছিল ডিবাং ভেলী বন্যপ্ৰাণী অভয়াৰণ্য৷ জিলাখনৰ প্ৰায় ৫০ শতাংশ অঞ্চল সাঙুৰি গঠন কৰা ডিবাং সংৰক্ষিত বনাঞ্চলৰ চীন সীমান্তৱৰ্তী অঞ্চলত বাঘৰ উপস্থিতি ধৰা পৰিছিল ২০১২ চনত৷ তাৰ পাছৰে পৰা ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াই অৰুণাচল প্ৰদেশ বন বিভাগৰ সহযোগত বাঘৰ বিচৰণভূমি আৰু সংখ্যা নিৰূপনৰ বাবে এক আঁচনি গ্ৰহণ কৰিছে৷

সেই আচনি অনুসৰি ডিবাং ভেলীত কেমেৰা ট্ৰেপিং কৰা হয় আৰু তাত চাৰিটা সৰু বাঘৰ পোৱালী, দুটা প্ৰাপ্ত বয়স্ক আৰু দুটা মধ্য বয়সীয়া বাঘৰ অস্তিত্ব সন্দৰ্ভত নিশ্চিত তথ্য লাভ কৰে ৷ সেই সংস্থাটোৱে পুনৰ প্ৰায় ৩০০ বৰ্গ কিলোমিটাৰ এলেকাত কেমেৰা ট্ৰেপিঙৰ ব্যৱস্থা কৰে৷ শেহতীয়াকৈ সেই কেমেৰা ট্ৰেপিঙত দহটাৰো অধিক ঢেকীয়াপটীয়া বাঘৰ উপস্থিতি কেমেৰাত ধৰা পৰিছে৷ সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৬০০ মিটাৰ উচ্চতাত বৰফৰ মাজত বাঘৰ বিচৰণ সংস্থাটোৱে স্থাপন কৰা কেমেৰাত ধৰা পৰিছে৷

চাইবেৰিয়াৰ পাছত বৰফৰ মাজত অৰুণাচল প্ৰদেশত এনেদৰে ইমান উচ্চতাত বাঘৰ অস্তিত্ব পোৱা গৈছে৷ প্ৰতিকুল পৰিবেশ আৰু ইমান উচ্চতাত পোৱা এই বাঘকেইটা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰে হয়৷ কিন্তু বাঘ কেইটা সুন্দৰবনত পোৱা বাঘতকৈ আকাৰত কিছু ডাঙৰ বুলি অৰুণাচল প্ৰদেশৰ প্ৰধাম মুখ্য বন সংৰক্ষক ৰবিন্দ্ৰ কুমাৰে জানিবলৈ দিছে৷

ডিবাঙত এনেদৰে বৰফৰ মাজত বাঘৰ উপস্থিতি ধৰা পৰাৰ পাছত বাঘ কেইটাৰ সুৰক্ষাৰ বাবেও বিশেষ সতৰ্কতা অবলম্বন কৰিছে অৰুণাচল প্ৰদেশৰ বন্যপ্ৰাণী বিভাগে ৷ বন্যপ্ৰাণী বিভাগৰ মুখ্য বন সংৰক্ষক প্ৰভাত ত্যাগীয়ে এইকথা প্ৰকাশ কৰি কয় যে- ডিবাং ভেলী বনাঞ্চল দেশৰ ভিতৰতে বাঘ আৰু অন্যান্য বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এক অন্যতম অঞ্চললৈ পৰিণত হ'ব৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in