অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত… VIDEO

অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত…  VIDEO

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলপ্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত যোৱা চাৰিদিন হৈ থকা নেৰানেপেৰা বৰষুণে সৃষ্টি কৰিছে জলপ্ৰলয়ৰ। ধাৰাবাহিকভাৱে হৈ থকা এই বৰষুণৰ ফলত লেপাৰাদা ডিলাৰ ডাৰি চক্ৰৰ অন্তৰ্গত ইগু নদীৰ জলপৃষ্ঠ অতি বিপজ্জনকভাৱে বৃদ্ধি হয়।

বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বাটপথ খহাই নিয়াৰ লগতে পাহাৰৰ মাটি খহি ইগু নৈৰ পানীত পৰে। পাহাৰৰ এক বৃহৎ অংশ নদীখনত পৰাৰ ফলত নদীখনৰ ওপৰত থকা এখন পকী দলং আৰু কেইবাটাও ঘৰ নৈখনৰ পানীয়ে উটুৱাই লৈ যায়।

এই ঘটনাত দুজন লোকো সন্ধানহীন হৈছে। ইগু নৈৰ পানীয়ে উটুৱাই নিয়া লোক দুজন ক্ৰমে- বাট' ডয়ু আৰু পূৰ্ণ বাহাদুৰ ঠাকুৰীয়া বুলি জানিব পৰা গৈছে। ইয়াৰে পূৰ্ণ বাহাদুৰ ঠাকুৰীয়াৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও, আনজনৰ মৃতদেহ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। ইতিমধ্যে অৰুণাচল চৰকাৰে জিলাখনত ৰেড এলাৰ্ট জাৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in