অৰুণাচলৰ কায়িঙত ভয়াৱহ অগ্নিকাণ্ড, জুইত জাঁহ গ’ল এখন গাঁও..

অৰুণাচলৰ কায়িঙত ভয়াৱহ অগ্নিকাণ্ড,  জুইত জাঁহ গ’ল এখন গাঁও..

ডিজিটেল সংবাদ, অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ কায়িঙত ভয়াবহ অগ্নিকাণ্ড ।
হঠাতে এটা ঘৰৰ পৰা জুই বিয়পি পৰাত কায়িং নামৰ গাঁওখনৰ আধাৰো অধিক ঘৰ জ্বলি ছাই হৈ যায় ।দিনৰ প্ৰায় ১২ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ জুই নিৰ্বাপিত কৰিবলৈ গাঁওবাসীয়ে চলোৱা সকলো প্ৰয়াস ব্যৰ্থ হয় ।

প্ৰায় ১০০ টা বাসগৃহ থকা গাওখনৰ ৫৪ টা বাসগৃহ আৰু এটা সামূহিক ভৱন সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । আনহাতে এই ভয়াৱহ অগ্নিকাণ্ড গাঁওখনৰ আন ২২ টা বাসগৃহ আংশিকভাৱে জুইত ক্ষতিগ্ৰস্ত হয় । আনহাতে জুই নিৰ্বাপিত কৰিবলৈ গৈ আহত এগৰাকী মহিলা ।

গাঁওখনৰ ওচৰত অগ্নিনিৰ্বাপক বাহিনী নথকাত ৪৫ কিলোমিটাৰ নিলগত থকা আলোৰ পৰা ফায়াৰ ব্ৰিগেড মাতিব লগা হয় । কিন্তু ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পোৱাৰ আগতেই জুয়ে গাঁওখন আগুৰি ধৰে । গাওঁ খনৰ আন বাসগৃহবোৰ জুইৰ পৰা ৰক্ষা কৰাৰ বাবে চেষ্টা চলায়ো ব্যৰ্থ হয় গাঁওবাসী । আলো চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত কায়িং গাঁও ।

উল্লেখ্য যে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে লক ডাউনৰ সময়ত হোৱা এই অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হ'ল সত্তৰটাৰো অধিক পৰিয়ালৰ । স্থানীয় বিধায়ক নিনং ইৰিঙে ক্ষতিগ্ৰস্ত সকলৰ সহায়ৰ বাবে তাৎক্ষণিক ভাবে ব্যক্তিগত ভাবে এক লাখ টকা উপায়ুক্তৰ হাতত প্ৰদান কৰিছে ।

জুই লগাৰ সময়ত গাৱৰ ৰাইজে কৰোনা ভাইৰাচৰ পৰা গাওখন মুক্ত কৰি ৰখাৰ বাবে পথত বেৰা দিয়াৰ কামত ব্যস্ত আছিল । 'মটৰ-পাটৰ' বুলি কোৱা পৰম্পৰাগত গাও লক ডাউন কৰা কাৰ্যত ব্যস্ত থকাৰ সময়তে জুই বিয়পি পৰাৰ বাবে জুই নিৰ্বাপিত কৰাত বিলম্ব হ'ল আৰু গাওঁখনলৈ এই বিপৰ্যয় নামি আহে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in