অৰুণাচলপ্ৰদেশত গুলীচালনাঃ গুৰুতৰভাৱে আহত দুজন, দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

অৰুণাচলপ্ৰদেশত গুলীচালনাঃ গুৰুতৰভাৱে আহত দুজন, দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, অৰুণাচলপ্ৰদেশঃ অৰুণাচলপ্ৰদেশৰ পাপুম পাৰে জিলাৰ কিমিনত হোটেলত সোমবাৰে নিশা এক গুলীচালনাৰ ঘটনাত আহত হয় দুজন লোক। সন্ধিয়া প্ৰায় ৭টা মান বজাত গ্ৰাহকৰ বেশত অহা এজন অজ্ঞাত ব্যক্তিয়ে যধে-মধে গুলীচালনা কৰাৰ ফলত "বি এইচ হোটিল" নামৰ হোটেলখনৰ মেনেজাৰ জয়ন্ত তাঁতী আৰু সহায়ক শীবা মল্লিক গুৰুতৰভাৱে আহ হয় ।

কিমিনত এখন হোটেলৰ ব্যৱসায় কৰি থকা ২৭ বছৰীয়া জয়ন্তৰ সোঁহাতত গুলী লাগে। গুলীচালনাৰ শব্দ শুনি ভিতৰৰ পৰা মেনেজাৰ টেবুনৰ ওচৰলৈ ওলাই অহা শীবা নামৰ ১৬ বছৰীয়া সহায়কজনকো অঞ্জাত ব্যক্তিজনে গুলি চালনা কৰে । নিশাই ততাতৈয়াকৈ দুয়োজনকে নাহৰলগুনৰ টমো ৰিবা মেডিকেল কলেজলৈ অনা হয় । শীবা নামৰ সহায়কজনৰ শৰীৰৰ পৰা এতিয়াও গুলীটো উলিয়াব পৰা নাই ।

সোমবাৰে আবেলি শীবাৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ'ব বুলি পাপুম পাৰে জিলাৰ আৰক্ষী অধীক্ষক নীলম নেগাই জানিবলৈ দিছে । অঞ্জাতলোকজনৰ সন্ধানত ৰোৱা নিশাৰ পৰাই আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আটক কৰিব পৰা নাই । আহত দুয়োজন যুৱক অসমৰ লক্ষীমপুৰ জিলাৰ চিলনিবাৰীৰ দিজু নামৰ ঠাইখনৰ ।

এই ঘটনাৰ পাছত গুলীচালনা কৰা ব্যক্তিজনক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত দিজু এলেকাত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে । গুলীচালনা কৰা লোকজনে মুখা পিন্ধি আহিছিল আৰু ঘটনা সংঘটিত কৰি খোজ কাঢ়িয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in