অৰুণাচল প্ৰদেশত এয়াৰগান সমৰ্পন অভিযান…

অৰুণাচল প্ৰদেশত এয়াৰগান সমৰ্পন অভিযান…

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত অৰণ্যভূমিৰ পৰিমাণ ৮৩ শতাংশ যদিও ৰাজ্যখনত বন্য জীৱ-জন্তুৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে। সমগ্ৰ অৰুণাচল প্ৰদেশত বিভিন্ন প্ৰজাতিৰ বন্যজন্তুৰ উপস্থিতি লক্ষ্য কৰা হৈছিল যদিও ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ চিকাৰ কৰাৰ প্ৰৱণতাৰ বাবে এই বন্যজীৱসমূহৰ অভাৱনীয়ভাবে হ্ৰাস পোৱা বুলি ঠাৱৰ কৰা হৈছে। আনকি অৰুণাচল প্ৰদেশৰ কেইখনমান জিলাত চৰাই দেখাটো সৌভাগ্যৰ কথা বুলি পৰিগণিত হৈছে ।

এনে পৰিস্থিতিত অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ চৰাই আৰু আন বন্যজীৱ সংৰক্ষণৰ বাবে এক ব্যতিক্ৰমি পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ স্থানীয় জনজাতীয় লোকসকলৰ হাতত মজুত থকা এয়াৰ গান সমূহ সংগ্ৰহ কৰাৰ বাবে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ অৰুণাচল প্ৰদেশৰ বন বিভাগে । প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগ হৈ ৰাজ্য চৰকাৰে এয়াৰ গান সমৰ্পন অভিযান আৰম্ভ কৰিছে ।

অহা ১৭ মাৰ্চত অৰুণাচলৰ ইষ্টকামেং জিলাৰ লুমদং নামৰ ঠাইখনত এয়াৰ গান সমৰ্পন অনুষ্ঠানৰ আয়োজন কৰিছে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ উপস্থিতিত শতাধিক লোকে চিকাৰ কৰাৰ বাবে ক্ৰয় কৰা নিজ নিজ এয়াৰ গান মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰিব। অৰুণাচল প্ৰদেশৰ বন মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত আৰম্ভ কৰা এই অভিযানলৈ ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছে ।

বনমন্ত্ৰী নাটুঙে লগতে কয় যে- দেশৰ ভিতৰতে সৰ্বাধিক হাৰৰ অৰণ্যভূমি থকা অৰুণাচল প্ৰদেশত চৰাই নথকা কথাট অতি লাজৰ বিষয় হিচাপে পৰিগণিত হৈছে । সেয়ে পলমকৈ হ'লেও তেঁওলোকে চৰাইৰ মুকলি চিকাৰ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে । যিহেতু এয়াৰ গান ক্ৰয় কৰিবলৈ কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহয়, সেয়ে অৰুণাচল প্ৰদেশত লক্ষাধিক এয়াৰ গান থকা বুলি অনুমান কৰা হৈছে । একোটা এয়াৰ গানৰ বজাৰ মূল্য ১৫০০০ টকাৰ পৰা দুই লাখ টকা পৰ্যন্ত ।

ৰাজ্যখনৰ পক্ষীকূলক ৰক্ষা কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক বহু সচেতন লোকে আদৰণি জনাইছে আৰু স্ব-ইচ্ছাই নিজ নিজ অস্ত্ৰ সমৰ্পন কৰিবলৈ আগবাঢ়ি আহিছে। বন মন্ত্ৰী নাটুঙে জানিবলৈ দিয়া মতে, এনেদৰে অস্ত্ৰ সমৰ্পন কৰা লক সকলক সদ্যহতে বন বিভাগৰ পৰা এখন মানপত্ৰ দিয়া হ'ব যদিও পৰৱৰ্তী সময়ত ক্ষতিপুৰণ দিয়া সন্দৰ্ভতো চৰকাৰে গুণা-গথাঁ কৰিছে ।

যদিও অৰুণাচল প্ৰদেশত ৫০০ত কৈও অধিক প্ৰজাতিৰ চৰাই পোৱা যায় বুলি কোৱা হয়, কিন্তু বাস্তবিকতে ৰাজ্যখনৰ পৰা ইতিমধ্যেই বহু চৰাই নোহোৱা হৈছে। চৰাই চিকাৰক নিৰুৎসাহিত কৰিবলৈ ৰাজ্যখনৰ সকলো বন্দুক দোকানৰ স্বত্বাধিকাৰীৰ লগতো আলোচনাত মিলিত হ'ব বন বিভাগ । আৰুণাচল প্ৰদেশৰ বন্দুকৰ দোকানত এয়াৰ গানৰ গুলী বিক্ৰী বন্ধ কৰাৰো পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in