অসম-অৰুণাচল সীমান্তৰ গভীৰ অৰণ্যত সেনা বাহিনী-এনএছচিএন (কে)ৰ সংঘর্ষঃ নিহত এজন, আহত দুজন…

অসম-অৰুণাচল সীমান্তৰ গভীৰ অৰণ্যত সেনা বাহিনী-এনএছচিএন (কে)ৰ সংঘর্ষঃ নিহত এজন, আহত দুজন…

ডিজিটেল সংবাদ, তিনিচুকীয়া: অসম-অৰুণাচল সীমান্তৰ দেউমালীৰ গভীৰ অৰণ্যত ভাৰতীয় সেনা আৰু উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে) গোটৰ মাজত ভয়াবহ সংঘৰ্ষ হোৱাৰ তথ্য লাভ কৰা হৈছে। ভাৰতীয় সেনাৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি- এই সংঘর্ষত উগ্ৰপন্থী সংগঠনটোৰ এজন দুৰ্ধর্ষ কেডাৰ নিহত হোৱাৰ লগতে আহত হৈছে আন দুজন কেডাৰ।

সেনা সূত্ৰই প্ৰকাশ কৰা মতে তিৰাপ জিলাৰ বিভিন্ন অঞ্চলত ধন দাবী আৰু বিস্ফোৰণজনিত কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেৰে দেউমালীৰ গভীৰ অৰণ্যৰ মাজত এন এছ চি এন (কে)ৰ এটা গোটে বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি সেনাৰ দলটোৱে দলটোৰ বিৰুদ্ধে সন্ধান অভিযান আৰম্ভ কৰে।

উক্ত অভিযান কালত উগ্ৰপন্থী দলটোৰ সৈতে হোৱা সেনাৰ গুলীয়াগুলিত উগ্ৰপন্থী দলটোৰ এজন কেডাৰ নিহত হোৱাৰ লগতে আন দুজন কেডাৰ গুৰুতৰ ভাৱে আহত হয়। উল্লেখযোগ্য যে, এতিয়ালৈকে উদ্ধাৰ হোৱা নাই উক্ত কেডাৰ কেইজনৰ পৰিচয়। আনহাতে, সেনাৰ দলটোৱে উগ্ৰপন্থী দলটোৰ পৰা এটা এ কে ৪৭, চাৰি টাকৈ মেগজিন, শতাধিক সজীৱ গুলী, এটা হেণ্ড গ্ৰেণেড, মোবাইল হেন্ডছেট, দা, টৰ্চ লাইট ধনদাবী পত্ৰ আদিকে ধৰি কেইবাবিধো অপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in