শেহতীয়া খবৰ
মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত ৩ মহিলা ড্ৰাগছ সৰবৰাহকাৰী  •  অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়

অৰুণাচলৰ খাৰচাঙত এন এছ চি এন (আৰ)ৰ শিবিৰ উৎখাত, মেজৰ সহ দুই নগা উগ্ৰপন্থী আটক

308

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নগা বিদ্ৰোহী সংগঠন বিৰুদ্ধে ভাৰতীয় সেনাই ব্যাপক অভিযান চলোৱাৰ খবৰ পোৱা গৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং নামগৈ বনাঞ্চলত অসম ৰাইফলছৰ এটা দলে গোপন সূত্ৰৰ তথ্য ভিত্তিত অভিযান চলাই এন এছ চি এন (আৰ)ৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে এগৰাকী স্বয়ম্ভূ মেজৰ সহ দুজন সদস্যক নিৰাপত্তাৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে৷

৩ আগষ্টৰ পৰা চলা এই অভিযান কালত এন এছ চি এন (আৰ)ৰ শিবিৰ উৎখাত কৰাৰ সময়ত বহু আপত্তি জনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে অসম ৰাইফলছৰ দলটোৱে৷

নিৰাপত্তা বাহিনীয়ে বৰ্তমানেও অভিযান চলাই থকাৰ বাবে উগ্ৰপন্থী কেইজনৰ নাম ঠিকনা লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এন এছ চি এন (আৰ)ৰ বাবে এইয়া এক মুখ্যম আঘাত বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি