অৰুণাচল প্ৰদেশৰ আপাং চিয়াঙৰ গেলিঙৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান সামৰণি…

অৰুণাচল প্ৰদেশৰ আপাং চিয়াঙৰ গেলিঙৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান সামৰণি…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ যোৱা ২৩ ডিচেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশৰ আপান চিয়াংৰ গেলিঙত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুয়ে ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ শুভাৰম্ভ কৰাৰ পাছত সম্পূৰ্ণ প্ৰায় এটা মাহৰ অন্তত বুধবাৰে বিয়লিৰ ভাগত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শিশুমাৰাত এই অভিযানৰ সমাপ্তি ঘটে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানত জলসম্পদ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ কন্যা তথা নদী বিশেষজ্ঞ শুভাসিনী শ্বেখাৱট উপস্থিত থাকি ব্ৰহ্মপুত্ৰৰ ওপৰত গৱেষণা চলায় । ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে এটি সজাতি দলৰ সৈতে অৰুণাচলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে আহি তেওঁ অসমৰ বিভিন্ন জিলাত ব্ৰহ্মপুত্ৰ নদীত গৱেষণা চলাই বুধবাৰে দুপৰীয়াৰ ভাগত উপস্থিত হয় দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী শিশুমাৰাত ৷

সংবাদ মাধ্যমৰ আগত নদী বিশেষজ্ঞ শুভাসিনী শ্বেখাৱটে কয় যে, দেশৰ সকলোতকৈ পৰিষ্কাৰ নদী হৈছে ব্ৰহ্মপুত্ৰ ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি সজাগ হবলৈ তেওঁ অসমবাসীক আহ্বান জনায় ৷ একেদৰে বুধবাৰে শিশুমাৰা বি এছ কেম্পৰ ওচৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এক সজাগতা সভাৰো আয়োজন কৰা হয় দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ পৰা ৷ এই সজাগতা সভাত জিলা অতিৰিক্ত উপায়ুক্ত উপায়ুক্ত লক্ষ্মী কুটুম, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওঝা, বি এছ এফৰ শীৰ্ষ বিষয়া লগতে স্থানীয় কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে আঁত ধৰা এই সজাগতা সভাত ব্ৰহ্মপুত্ৰ গৱেষণাৰ বাবে অহা সঁজাতি দলটোৱে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ আনহাতে সভাৰ মহত্ব বৃদ্ধি কৰাৰ বাবে সজাগতা সভাৰ পূৰ্বে গোৱালপাৰীয়া লোকগীতৰ নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতেই নদী বিশেষজ্ঞ গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অভিযান অতি কষ্টকৰ যদিও গুৰুত্বপূৰ্ণ আছিল বুলি প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in