বিধায়কসহ ১১ জনক হত্যা কৰাৰ পাছত হেলিকপ্টাৰেৰে বগাপানীত সেনাই চলাইছে অভিযান…

বিধায়কসহ ১১ জনক হত্যা কৰাৰ পাছত হেলিকপ্টাৰেৰে বগাপানীত সেনাই চলাইছে অভিযান…

ডিজিটেল ডেস্কঃ অৰুণাচলৰ টিৰাপ জিলাৰ বগাপানীত সন্দেহযুক্ত এনএছচিএন (আইএম)-এ হত্যা কৰা খুমছা (ৱেষ্ট) সমষ্টিৰ বিধায়ক তিৰোং অবোৰ নাছিল পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা। ইটানগৰৰ পৰা সমষ্টিলৈ গৈ থকাৰ পথত বিধায়কজন সহ মুঠ ১১ জনক মঙলবাৰৰ পুৱা গুলিয়াই হত্যা কৰিছিল এনএছচিএন (আইএম)-এ।

নিহত বিধায়ক তিৰোং অবো

এনপিপিৰ বিধায়কগৰাকী পৰিয়ালসহ ইটানগৰৰ পৰা গৈছিল এখন বগা ৰঙৰ ফৰচুনাৰত। বিধায়কগৰাকীৰ সৈতে তেওঁৰ পত্নী আৰু পুত্ৰ, ব্যক্তিগত সহায়ক আৰু কেইজনমান নিৰাপত্তাৰক্ষী আছিল।

আক্ৰমণৰ পিছত এখন বাহনৰ ভিতৰত পৰি আছিল এইদৰে মৃতদেহ

এই আক্ৰমণ ইমানেই ভয়ংকৰ আৰু নৃশংস আছিল যে, আক্ৰমণকাৰী দলটোৱে পূৰ্বৰে পৰাই সেই স্থানত বাহৰ পাতি থাকি চাৰিওফালৰ পৰা গুলী বৰ্ষণ কৰিছিল। তাৰ পাছতেই বিধায়কজনৰ কনভয়ত থকা ৩ খন বাহন জ্বলাই দিছিল আক্ৰমণকাৰী দলটোৱে।

আক্ৰমণৰ পিছত উগ্ৰন্থীয়ে জ্বলাই দিয়া বাহন এখন…

পূৰ্বৰে পৰা এই বিধায়কগৰাকী আছিল ৰাজনৈতিকভাৱে অধিক সক্ৰিয়। নাগালেণ্ডৰ এনএছচিএন-এ ধনদাবী কৰাৰ বিৰুদ্ধে সৰৱ আছিল বিধায়কগৰাকী। এই আক্ৰমণক সহজভাৱে লোৱা নাই এনপিপিৰ নেতৃত্বই।

আক্ৰমণৰ পাছতেই সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে সেনাবাহিনীয়ে। ইতিমধ্যে হেলিকপ্টাৰেৰেও অভিযান চলাইছে সেনাই। উক্ত পথটোৰে চলাচল কৰা সকলো যান বাহন বন্ধ কৰি দিছে সেনা আৰু আৰক্ষীয়ে।

আক্ৰমণস্থলীৰ এক দৃশ্য…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in