অৰুণাচলত কিদৰে গুলিয়াই হত্যা কৰা হৈছিল এনপিপিৰ বিধায়কসহ ১১ জনক

অৰুণাচলত কিদৰে গুলিয়াই হত্যা কৰা হৈছিল এনপিপিৰ বিধায়কসহ ১১ জনক

ডিজিটেল ডেস্কঃ অৰুণাচলৰ বিধায়ক তিৰোংগ অবোক সন্দেহযুক্ত এনএছচিএন (আইএম)-এ গুলিয়াই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। পুৱা ১১.৩০ বজাত সংঘটিত হৈছিল এই হত্যাকাণ্ড। মুঠ ৫ খন গাড়ী আছিল বিধায়কজনৰ কনভয়টোত।

বিধায়কগৰাকীৰ লগত আছিল ৫ জন নিৰাপত্তাৰক্ষী আৰু আত্মীয় লোক। এখন গাড়ীত বিধায়কগৰাকীৰ পত্নীও আছিল যদিও সেই গাড়ীখনলৈ গুলীবৰ্ষণ কৰা নাছিল আক্ৰমণকাৰী দলটোৱে। এই আক্ৰমণত বিধায়কগৰাকীৰ পুত্ৰও নিহত হৈছে।

কনভয়টোত থকা ৪ জন লোক সৌভাগ্যক্ৰমে বাচি যায়। অৰুণাচলৰ টিৰাপ জিলাৰ পাচুটং স্থানত সংঘটিত হৈছিল এই হত্যাকাণ্ড। আটাইকেইজন লোকে ঘটনাস্থলীতে গাড়ীৰ ভিতৰত মৃত্যুক সাৱটি লয়। ৰাজনৈতিক কাৰণতে এনপিপিৰ বিধায়কগৰাকীক এনএছচিএন (আইএম)ৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে এই আক্ৰমণ চলাইছিল বুলি অনুমান কৰা হৈছে।

এই আক্ৰমণত দেহৰক্ষীসহ তেওঁৰ পিএ আৰু আত্মীয় লোক মৃত্যু হৈছে। বিধায়কগৰাকীৰ ওপৰত চলা এই ভয়ানক এম্বুছৰ পাছত সমগ্ৰ অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। একে-৪৭ৰে চাৰিওফালৰ পৰা গুলিয়াইছিল আক্ৰমণকাৰী দলটোৱে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ দেহৰক্ষীয়ে কোনো সুযোগেই লাভ নকৰিলে। সমগ্ৰ অৰুণাচলতে এই আক্ৰমণৰ পাছত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক গৰিহণা দি কূটাঘাতকাৰীক শীঘ্ৰেই আটক কৰিবলৈ নিৰ্দেশ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in