অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা…

অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা…

প্ৰতিদিন সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত আজি পুনৰ পাঁচজন কোৰোনা পজিটিভ লোক পোৱা গৈছে । সৰ্বমুঠ ২৭ জন কৰোনা ভাইৰাছত আক্ৰান্তৰ ২৬ জনেই কৰোনা সক্ৰিয় । আজি কেপিটেল কমপ্লেক্স জিলাৰ অন্তৰ্গত বান্দৰদেৱাৰ পুলিচ ট্ৰেইনিং কেন্দ্ৰৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা চাৰিজন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ পোৱা যায় ।

আনহাতে মঙলবাৰে কোৰোনাত আক্ৰান্ত বুলি নিশ্চিত হোৱা আনগৰাকী ব্যক্তি লোহিত জিলাৰ । জানিব পৰা মতে লোহিত জীলাৰ কৰোনা আক্ৰান্ত গৰাকী এগৰাকী মহিলা আৰু তেওঁ লোহিত জিলাৰ লোহিতপুৰত থকা অৰ্ধ সামৰিক বাহিনী আই টি বি পিৰ এগৰাকী বিষয়াৰ পত্নী । যোৱা ২৪ মে'ত তেওঁ হাৰিয়ানাৰ পৰা স্বামী আৰু সন্তানসহ অৰুণাচললৈ আহিছিল স্বামীৰ বদলিসুত্ৰে ।

অৱশ্যে স্বামী আৰু সন্তানৰ কৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে বুলি আই টি বি পিৰ দিল্লীস্থ জনসংযোগ বিষয়া বিবেক পাণ্ডেয়ে জানিবলৈ দিছে । তাৎপৰ্যপূৰ্ণ কথা এয়ে যে অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ শতাধিক আন্তঃৰাষ্ট্ৰীয় সীমান্ত পহৰা চকীৰ দায়িত্ব আই টি বি পিৰ হাতত নিয়োজিত কৰা হৈছে । তেনেদৰে অৰুণাচল প্ৰদেশত চি আৰু পি এফ আৰু ভাৰতীয় সেনা বাহিনীৰ কেইবাহেজাৰ বিষয়া-জোৱানে প্ৰতিৰক্ষাৰ দায়িত্ব পালন কৰি আছে ।

কিন্তু লকডাউনৰ সময়তো সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ চলাচল অব্যাহত আছিল আৰু আন্তঃৰাজ্যিক ৰদ-বদল চলি আছিল । আনহাতে ৰাজধানী ইটানগৰকে ধৰি অৰুণাচলৰ বিভিন্ন জিলা সদৰত অসামৰিক কামত আই টি বি পিৰ জোৱানক নিয়োজিত কৰা হৈছে ।

আনহাতে অৰুণাচল প্ৰদেশত এনেদৰে প্ৰবেশ কৰা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ স্বাস্থ্য পৰীক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ হাতত নাই । তদুপৰি সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ আহ-যাহৰ কোনো তথ্য ৰাজ্য চৰকাৰক অবগত নকৰে । এনে অবস্থাত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ লোক কৰোনাত আক্ৰান্ত হোৱাৰ বাতৰিয়ে সকলোকে শংকিত কৰি তুলিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in