৫০ বছৰীয়া হ’ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ…

৫০ বছৰীয়া হ’ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ…

জিৰোৰ পৰা ডিজিটেল সংবাদ ইটানগৰঃ ১৯৭২ চনৰ ২০ জানুৱাৰীত নতুনকৈ নামাংকিত কৰা অৰুণাচল প্ৰদেশ এতিয়া ৫০ বছৰীয়া হ'ল । তদানিন্তন নেফা নামটোৰ ঠাইত ছিলঙত তেতিয়াৰ অসমৰ ৰাজ্যপাল বি কে নেহৰুৱে নেফাৰ মুখ্য কাৰ্যালয় ছিলঙৰ পৰিৱৰ্তে আন ঠাইলৈ নিয়াৰ বাবে নেফা কাউঞ্চিলে দিয়া এক প্ৰস্তাবত অনুমোদন কৰিছিল। ১৯৬৯ চনৰ ৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা সেই সভাৰ পাছৰ পৰাই হিমালয় আৰু পাটকাই পৰ্বতৰ নামনিৰ নেফাৰ অন্তৰ্গত ভূখণ্ডৰ এক সুকীয়া নাম দিয়াৰ পথ খোলা খাইছিল। নেফা কাউন্সিলৰ সদস্যসকলেই নেফাৰ বহু আলোচনা-বিলোচনা আৰু গৱেষণাৰ অন্তত তিনিটা নাম ঠিৰাং কৰে।

১৯৭০ চনৰ ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হোৱা নেফা কাউন্সিলৰ দ্বিতীয়খন সভাত সেই মৰ্মে নেফাৰ সলনি অৰুণাচল, উদয়াচল আৰু ব্ৰহ্ম মণ্ডল নাম কেইটা ৰাজ্যপালক দাখিল কৰে। এই নামকেইটাৰ মাজৰ পৰা অৰুণাচল প্ৰদেশ নামটো ভাৰত চৰকাৰে গ্ৰহণ কৰে। ১৯৭২ চনৰ ২০ জানুৱাৰীত তদানিন্তন নেফাৰ অন্তৰ্গত সোৱণশিৰি জিলাৰ সদৰ জিৰোলৈ আহিছিল তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী।

জানুৱাৰী মাহৰ প্ৰচণ্ড শীতকো নেওচি ইন্দিৰা গান্ধী জিৰোলৈ আহিছিল। ১৯৭২ চনৰ ২০ জানুৱাৰীত জিৰোত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনতে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে পাঁচখন জিলাৰে গঠিত নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চী অৰ্থাৎ নেফা নামটোৰ ঠাইত অৰুণাচল প্ৰদেশ কৰা বুলি ঘোষণা কৰে। সেই দিনটোতেই অৰুণাচল প্ৰদেশক অসমৰ ৰাজ্যপালৰ অধীনৰ পৰা মুক্ত কৰি এখন নতুন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰা বুলিও ইন্দিৰা গান্ধীয়ে ঘোষণা কৰে। আৰু ভাৰতবৰ্ষৰ ইতিহাসত এখন নতুন ৰাজ্যৰ জন্ম হয়।

বৃহস্পতিবাৰে এই অৰুণাচল প্ৰদেশৰে পঞ্চাছ বছৰ সম্পূৰ্ণ হয়। উল্লেখ্য যে ১৯৭২ চনৰ ২০ জানুৱাৰীত ইন্দিৰা গান্ধীৰ উপস্থিতিত হোৱা সভাখনত মাত্ৰ দুদিন পূৰ্বে লিখা এটি গীতত সুৰ দি গীতটি পৰিবেশন কৰিছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই। গীতটি আছিল অৰুণ কিৰণ শিৰৰ ভূষণ কণ্ঠত বিমল ধাৰা। পৰৱৰ্তী সময়ত হিন্দী ভাষালৈ অনুবাদ কৰা এই গীতটিকেই অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যিক সংগীত হিচাপে ঘোষণা কৰে।

বৰ্তমান ল'ৱাৰ সোৱণশিৰি জিলাৰ সদৰ জিৰোত পঞ্চাছ বছৰৰ আগৰ অৰুণাচল প্ৰদেশ জন্মৰ সুমধুৰ স্মৃতি সজীৱ কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰে অৰুণাচল প্ৰদেশৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা বাবে অৰুণাচল প্ৰদেশ সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰে। কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত এই উৎসৱৰ কলেৱৰ হ্ৰাস কৰি মাত্ৰ আনুষ্ঠানিকতা পালন কৰে অৰুণাচল প্ৰদেশ চৰকাৰে। ৰাজ্যপাল বি ডি মিশ্ৰ, মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, বিধানসভাৰ অধ্যক্ষ পি ডি চ'না, উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আদিৰ উপস্থিতিত অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী উৎসৱৰ মাহযোৰা কাৰ্যসূচীৰ উদ্ধোধন কৰা হয়।

ইতিমধ্যে বলীউডৰ জনপ্ৰিয় তাৰকা অভিনেতা সঞ্জয় দত্তক এই সোণালী জয়ন্তী উৎসৱৰ বাবে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে। জিৰোৰ হিম শীতল পৰিবেশত দৰ্শক অবিহনেই পাডি য়ুবে ষ্টেডিয়ামত এই অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত জিৰোত নতুনকৈ নিৰ্মাণ কৰা মিনি সচিবালয়তে মুখ্যমন্ত্ৰী পেমা খান্দুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি জিলাই জিলাই অৰুণাচল প্ৰদেশৰ জন্মৰ লগত জড়িত লোকসকলৰ নামত বিভিন্ন প্ৰতিষ্ঠান, স্মাৰক আদিৰ নামাকৰণ কৰা, সীমান্ত অঞ্চলত ৯ শতাধিক ৪জি ম'বাইল টাৱাৰ সংস্থাপন, ৫০ খন সীমান্তৰ গাৱত ৫০ টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, আত্ম-সহায়ক গোটলৈ আৰ্থিক সাহায্য, আগন্তুক ৩৬৫ টা দিনত ৩৬৫ টা প্ৰকল্পৰ উদ্বোধন, আগন্তুক বছৰটোত জন্ম হ'ব লগা কণ্যা শিশুক ২০,০০০ টকাৰ ঠাইত ২৫০০০ টকাৰ ফিক্সড ডিপ'জিত কৰা আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ঘোষণা কৰে।

জিৰোৰ এই অনুষ্ঠানত ৰাজ্যপাল বি ডি মিশ্ৰ, উপ মুখ্যমন্ত্ৰী চাওনা মেইন, বিধানসভাৰ অধ্যক্ষ পি ডি চ'না, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু আদিয়েও ভাষণ প্ৰদান কৰে। অহা ২০ ফেব্ৰুৱাৰীত ইটানগৰত অৰুণাচল প্ৰদেশৰ ৰাজ্য প্ৰতিস্থা দিৱসৰ দিনাই এই মাহযোৰা অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী পেমা খান্দুৱে ২০২১-২০২২ বৰ্ষৰ অৰুণাচল ৰত্ন বঁটা মৰণোত্তৰভাৱে অৰুণাচল প্ৰদেশৰ প্ৰথমজন ৰাজ্যপাল এ এ ৰাজাক প্ৰদান কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সকলৰ পৰিয়ালবৰ্গক ৰাজ্যপাল বি ডি মিশ্ৰই সম্বৰ্ধনা জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in