শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

অৰুণাচলত বিজেপি বিধায়কৰ বাসগৃহত আক্ৰমণ, চাওক VIDEO

643

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলৰ য়াজুলি সমষ্টিৰ বিজেপি বিধায়ক লিখা চায়াৰ নিৰজুলিত থকা বাসগৃহত তেওঁৰেই সমৰ্থকৰ ভয়াবহ আক্ৰমণ৷ চকী, টেবুল ভাঙি চুড়মাৰ কৰে একাংশ লোকে। শিলগুটি দলিয়াই লিখা চায়াৰ প্ৰসাদোপম অট্টালিকাৰ আইনা ভাঙি চুড়মাৰ কৰে উন্মত্ত সমৰ্থকে৷ বিজেপিৰ বিধায়ক লিখা চায়াক এইবাৰ বিজিপিয়ে দলীয় প্ৰাৰ্থিত্ব দিয়া নাছিল৷ কিন্তু তেওঁৰ সমৰ্থকে দাবী কৰিছিল যে, তেওঁ আন দলৰ টিকট লৈ হ’লেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে৷

লিখা চায়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো আগ্ৰহ কৰা নাছিল৷ চায়াৰ সমৰ্থকে অভিযোগ কৰা মতে চায়াই বিজেপিৰ প্ৰাৰ্থীজনৰ পৰা বৃহৎ পৰিমানৰ ধন লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে, নিজ সমৰ্থকৰ এই উগ্ৰ মূৰ্তি দেখি লিখা চায়াই নিজ বাসগৃহতে আত্মগোপন কৰিছে৷ অৱশ্যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চায়াই ঘৰটো সুৰক্ষা দিবলৈ চেষ্টা কৰিছে৷ চায়াৰ সমৰ্থকে বাসভৱনৰ অস্থায়ী মন্দপত থকা শতাধিক প্লাষ্টিকৰ চকী জ্বলাই দিয়ে৷ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে বুলি জানিবলৈ পোৱা গৈছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি