শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

অৰুণাচলত পুনৰ গাঞ্জাসহ আটক অসমৰ যুৱক

434

ডিজিটেল সংবাদ, ওদালগুৰিঃ অৰুণাচলৰ চামফুং বৰ্ডাৰ আউট পোষ্টৰ এছ এছ বিৰ ৬১ নং বেটেলিয়ান আৰু খালাকটাং আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই খালাকটাঙৰ পৰা গাঞ্জা সহ এজন অসমৰ যুৱকক আটক কৰিব সক্ষম হৈছে। বৃহস্পতিবাৰে বিশেষ সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত এছ এছ বিৰ কামাণ্ডেণ্ট প্ৰমোদ কুমাৰ আগৰৱালৰ পৰ্যবেক্ষনত চলা অভিযানটোত এটা ঘৰৰ পৰা ১৪০ কেজি গাঞ্জা সহ অসমৰ যুৱক জনক আটক কৰে যুটীয়া অভিযানকাৰী দলটোৱে।

আটকাধীন অসমৰ যুৱক জন হ’ল ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সোণাৰী গাঁৱৰ দেৱ কুমাৰ কাশ্যপ। আটকাধীন যুৱকজনে অৰুণাচলৰ খালাকটাঙত অস্থায়ী ভাৱে ঘৰ সাজি দৈনিক হাজিৰা কাম কৰি আছিল বুলি জানিব পৰা গৈছে। পিছত এছ এছ বিয়ে জব্দ কৰা গাঞ্জা সহ যুৱকজনক খালাকটাং আৰক্ষী চকীত চমজাই দিয়ে।

উল্লেখ যে, যোৱা এপ্ৰিলৰ মাহটো অৰুণাচলত গাঞ্জা সহ অসমৰ দুজন যুৱকক আটক কৰিছিল এছ এছ বিৰ ৬১ নং বেটেলিয়ানে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি