শেহতীয়া খবৰ
স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  ২০২০ত গাড়ীৰ মূল্যতে কিনিব পাৰিব উৰাজাহাজ!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক

সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী

178

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সাঁচিপাতত বিভিন্ন পুথি লিখি থৈ যোৱা একক আৰু অপূৰ্ব শিল্প কৰ্মবিধ কালক্ৰমত হেৰাই যোৱা পৰিলক্ষিত হৈছে৷ তেনে সময়তে আত্মাৰ তাড়নাত গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাতে এই শিল্পকৰ্মবিধক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে ব্ৰতী হৈছে গুৰুজনাৰ একান্ত সেৱক শিল্পী হৰি নাৰায়ণ কোঁৱৰ৷

এইগৰাকী প্ৰচাৰ বিমুখ শিল্পীলৈ এইবাৰ অসম চৰকাৰে আগবঢ়াইছে শিল্পী পেঞ্চন৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাত আনুষ্ঠানিকভাৱে হৰি নাৰায়ণ কোঁৱৰৰ নামটো ঘোষণা কৰা হৈছে৷

উল্লেখ্য যে, পৌৰাণিক পৰম্পৰা ৰক্ষা কৰি হেঙুল হাইতাল সানি শিলিখা-গোমূত্ৰৰ মহী প্ৰস্তুত কৰি বাহঁৰ জেঙৰ কলমেৰে সাঁচি গছৰ ছাল কাটি মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টি ‘গুণমালা’ পুথিখন একক প্ৰচেষ্টাৰে লিখি উলিয়াইছে৷

কেৱল গুণমালাই নহয় বৰ্তমানলৈকে নিজৰ কষ্টোপাৰ্জিত ধন ভাঙি গুৰুজনাৰ বিৰচিত ‘ৰুক্মিণী হৰণ’, ‘গজেন্দ্ৰ উপাখ্যান’কে প্ৰমুখ্য কৰি কেইবাখনো পুথি লিখি শংকৰদেৱৰ পথ অনুসৰণ কৰি অতি সুন্দৰ আৰু সযতনে সাঁচিপতীয়া পুথিসমূহ বাসগৃহতে সংৰক্ষণ কৰিছে এইগৰাকী শিল্পীয়ে৷

বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰিয়েই হৰিনাৰায়ণ কোঁৱৰে সম্পূৰ্ণভাৱে পৌৰাণিক পদ্ধতিৰে সাঁচিপাতত লিখা আৰু সংৰক্ষণৰ কামত ব্ৰতী হৈ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় তথা বিভিন্ন অনুষ্ঠানৰ আমন্ত্ৰণ ক্ৰমে গৱেষক, ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিভিন্ন ঠাইত অনুষ্ঠিত কৰ্মশালাতো চৰকাৰীভাৱে প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আহিছে৷

শংকৰদেৱৰ বিৰচিত অংকীয়া ভাওঁনাসমূহত নাৰদৰ ভাওঁ দি ইতিমধ্যেই সমাদৃত ভগৱান প্ৰদত্ত হস্তাক্ষৰৰ গৰাকী এইগৰাকী ব্যক্তিক শিল্পী পেঞ্চনৰ যোগেদি চৰকাৰীভাৱে আগবঢ়োৱা স্বীকৃতি তথা সন্মানৰ বাবে সমগ্ৰ বটদ্ৰৱাবাসীয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি