সাম্প্ৰতিক সময়ঃ কৃত্ৰিম বুদ্ধিমত্তা ও অনলাইন শিক্ষা…

সাম্প্ৰতিক সময়ঃ কৃত্ৰিম বুদ্ধিমত্তা ও অনলাইন শিক্ষা…

আধুনিক শিক্ষা ব্যৱস্থাত প্ৰযুক্তি এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। কোৰোনা মহামাৰী সময়চোৱাতেই এই বিষয়ে শিক্ষক-ছাত্ৰ তথা অভিভাৱকে অনুধাৱন কৰিব পাৰিছে। প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বিকল্প হিচাপে অনলাইন শিক্ষা ব্যৱস্থাক আঁকোৱালি ল'বলগীয়া হৈছিল। প্ৰযুক্তি আৰু শিক্ষাৰ সন্দৰ্ভত ডেইজী দেৱীৰ এই নিৱন্ধ অসমীয়া প্ৰতিদিন ডিজিটেলৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।

কৃত্ৰিম বুদ্ধিমত্তা ইংৰাজীত Artificial Intelligence, সংক্ষিপ্ত প্ৰচলিত ৰূপ AI হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়।

কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ,য'ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়। দৈনন্দিন কামত আমি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিয়েই আছোঁ। আমাৰ ম'বাইলত থকা ভাৰ্চুৱেল সহকাৰী যেনে-ভয়চ চাৰ্চ,গুগল এছিছটেণ্ট বোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ। জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইটবোৰত, বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইটবোৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয়।আনহাতে সম্প্ৰতি শিক্ষাৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয়।

বাকী বিষয় বাদ দি শিক্ষা বিষয়টোৰ যদি সূক্ষ্ম বিশ্লেষণ কৰোঁ  তেন্তে আমি দেখা পাম যে , আধুনিক বিজ্ঞান ও প্ৰযুক্তিৰ সফল প্ৰয়োগৰ ফলত সৃষ্টি হোৱা  ডিজিটেল পৃথিৱীৰ ফলপ্ৰসূ পদ্ধতিটোৱেই হৈছে কৃত্ৰিম বুদ্ধিমত্তা ৰে পৰিচালিত অনলাইন শিক্ষা  ।

মহামৰীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে  ভাৰতৰ অন্যান্য ৰাজ্যত এই শিক্ষা পদ্ধতিক আঁকোৱালি লোৱা দেখা গৈছিল ।এই অনলাইন শিক্ষা পদ্ধতি পোন প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনতে আৰম্ভ হৈছিল ।

উল্লেখযোগ্য যে,সম্প্ৰতি এই শিক্ষা এক উদ্যোগলৈ পৰিণত হৈছে।কৃত্ৰিম বুদ্ধিমত্তাক তিনিটা বিশেষ প্ৰণালীত সাধাৰণতে ভাগ কৰিব পাৰি।সেয়া ক্ৰমে, বিশ্লেষণাত্মক, মানৱ-অনুপ্ৰেৰিত, আৰু মানৱকৃত কৃত্ৰিম বুদ্ধিমত্তা।১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত 'কৃত্ৰিম বুদ্ধিমত্তা' শব্দটো প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল।

১৯৫৬ চনত কৃত্ৰিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।১৯৮০ৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাই নতুন মোৰ পালে। বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰগ্ৰাম Expert Systems-ৰ ব্যৱসায়িক সফলতাই। এই প্ৰগ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিব পাৰিছিল।

পাছলৈ উচ্চক্ষমতাসম্পন্ন কম্পিউটাৰ, এলগৰিথমত হোৱা ব্যাপক সফলতা আৰু বিপুল পৰিমাণৰ তথ্যলাভৰ সুচলতাই মেচিনৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই অগ্ৰগতিত বিশেষ ভূমিকা লৈছিল।

বিগত বৰ্ষসমূহত অনলাইন শিক্ষা ব্যৱস্থাৰ ধাৰণাটোৱে অধিক প্ৰসাৰ লাভ কৰা দেখা পোৱা গৈছে ।এই অনলাইন শিক্ষাত বিদ্যালয়ৰ চৌহদত যোৱাৰ প্ৰয়োজন নাই । এই অনলাইন শিক্ষা ব্যৱস্থা ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো জনপ্ৰিয় হৈ উঠিছে ।


পিছপৰা, ভিতৰুৱা অঞ্চলত অনলাইন শিক্ষা ব্যৱস্থাই সকলো ছাত্ৰ ছাত্ৰীক স্পৰ্শ কৰিব পৰা নাই । মোবাইল, কম্পিউটাৰ , লেপটপ আদিত , ইন্টাৰনেটৰ  জৰিয়তে  ঘৰতে বহি পাঠদান  লাভ কৰিব পৰা এটা সৰল ব্যৱস্থা ই শিক্ষা।

সংশ্লিষ্ট বিষয়ৰ শিক্ষক সকলৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অতি সহজে বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে এপলকতে। এই ব্যৱস্থাত ছাত্ৰ ছাত্ৰী সকল প্ৰত্যক্ষভাৱে  শিক্ষক ও ছাত্ৰ-ছাত্ৰীয়ে সংযুক্ত হৈ থকাৰ সুযোগ লাভ কৰে ।

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বহু দিশত সুবিধা আগবঢ়াইছে৷

অনলাইন শিক্ষাৰ সুবিধা সমূহ দেখা পাওঁ যে__ 

(ক)  স্কুল বন্ধ থকাৰ সময়ত, যিকোনো সময়তে যিকোনো বিষয়ৰ শিক্ষা আহৰণ কৰিব পাৰে ।যিয়ে ছাত্ৰ-ছাত্ৰীৰ  শৈক্ষিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়  । 

(খ) অনলাইন শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰুৰ সৈতে নিজৰ মত বিনিময় কৰিব পাৰে ।
( গ ) নিজৰ সুবিধা মতে সময় উলিয়াই শিক্ষা আহৰণৰ সুবিধা লাভ কৰিব পাৰে । 
( ঘ ) পৰম্পৰাগত শ্ৰেণীকোঠা  সমূহৰ বিপৰীতে ছাত্ৰ ছাত্ৰীয়ে ঘৰ বা বিভিন্ন ঠাইৰ পৰা অনলাইন শিক্ষা লাভ কৰাৰ সুবিধা উপলব্ধ । 

( ঙ )  অনলাইন শিক্ষা ব্যৱস্থাত ঘৰুৱা কাপোৰ পিন্ধিও  অনলাইন শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰি । 

( চ ) এই ব্যৱস্থাত পাঠদানৰ নিৰ্দিষ্ট সময়সীমা নাথাকে ।জটিল যেন লগা বিষয়বোৰ ভিডিঅ'ৰ মাধ্যমেৰে সহজতে শিকিব পাৰি।এনিমেশ্বনৰ সহায়ত সহজতে বুজিবলৈ পাৰি।

( ছ ) শিক্ষাৰ্থী সকলৰ বাবে এই অনলাইন শিক্ষা ব্যৱস্থাটো নতুন আৰু ডিজিটেল সেয়ে আগ্ৰহী হোৱাও দেখা যায় লগতে ই এক আনন্দদায়ক পদ্ধতি । 

( জ) অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষকে পাঠদান কৰা বিষয় বস্তু বহুদিনলৈ ৰেকৰ্ড কৰি ৰাখিব পাৰি । প্ৰয়োজন সাপেক্ষে  সেই ৰেকৰ্ড সমূহৰ পৰা পুনৰ বুজিব পাৰি।

বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ জগতত,দৈনন্দিন জীৱনত,শিক্ষাৰ ক্ষেত্ৰখনত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰয়োগ ক্ৰমাৎ বাঢ়ি আহিছে। ইয়াৰ ভিতৰত বিভিন্ন অনলাইন শিক্ষাৰ প্ৰতিষ্ঠান উল্লেখযোগ্য।EMBIBE,BYJU'S,ইত্যাদিবোৰ ভাৰতৰ আগশাৰীৰ এডটেক প্ৰতিষ্ঠান।অৱশ্যে বাইজুছক বাদ দি অসমীয়া ভাষাত ৬-১২ শ্ৰেণীৰ সকলো অধ্যায় অনুচ্ছেদ উপলব্ধ একমাত্ৰ অনলাইন শিক্ষাৰ প্ৰতিষ্ঠান Embibe,

বিগত সপ্তাহত বিশ্ব দৰবাৰত অসমীয়াক স্বকীয় ভাষা ৰূপে প্রতিষ্ঠাৰ প্রয়াস গুগলে কৰাৰ পাছতেই এক নতুন মাত্রা লাভ কৰিছিল আমাৰ ভাষাটোৱে।নিশ্চিতভাৱে এই খবৰে আমাক আনন্দিত কৰিছিল…

শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি কৃত্রিম বুদ্ধিমত্তাৰে সমৃদ্ধ বৃহত্তম এডটেক ছার্চ ইঞ্জিন Embibe(jio)ত অন্তর্ভুক্ত হ'ল অসমীয়া ভাষাই৷ একবিংশ শতিকাৰ প্রযুক্তিবিদ্যাৰ যুগত ছাত্ৰ-ছাত্ৰীসকলে হাতৰ মুঠিতে লাভ কৰিব নিজা নিজা ভাষাত দৃশ্যমান ৰূপত সকলো পাঠ্যক্ৰম৷ নিশ্চিতভাৱে এনে অভিনৱ সংযোজনে আহ্লাদিত কৰি তুলিছে অসমৰ চুকে–কোণে বাস কৰা প্রতিজন শিক্ষাৰ্থী-অভিভাৱকক৷ ঘৰতেই বহি হাতৰ টিপতে অভিভাৱকে তদাৰক কৰিব পাৰিব নিজ সন্তানক।কিন্তু ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে,প্ৰকৃততে এনেধৰণৰ এডটেক প্ৰতিষ্ঠানবোৰৰ মান কোনে জুখিব?বাস্তৱিকতে শিক্ষাৰ দৰে ইমান এটা গধুৰ কামৰ আঁৰত পৰিপক্ক অভি়জ্ঞ ব্যক্তি জড়িত হৈ আছে নে?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in