শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

বৰপেটাৰ ভেল্লাত হস্তনিৰ্মিত ৰিভ’লভাৰ সহ তিনিজনক গ্ৰেপ্তাৰ..

70

ডিজিটেল সংবাদ , বৰপেটাঃ বৰপেটা আৰক্ষীয়ে ড্ৰাগচৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰাৰ পিছত ডকাইতি চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানটো বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷জিলাখনৰ বৰপেটা দৌলাশাল হাজো পথত ট্ৰাক জব্দ কৰি ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সময়তে বৰপেটা আৰক্ষীয়ে শনিবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত অভিযান চলাই হস্ত নিৰ্মিত ৰিভ’লভাৰ সহ তিনিজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আটকাধীন ডকাইত তিনিটা ক্ৰমে- নলবাৰী জিলাৰ ভাংনামাৰী থানাৰ অন্তৰ্গত কালাচৰৰ জেচেৰ আলীৰ পুত্ৰ চাদ্দাম হুছেইন(২৭) , মুকালমুৱা থানাৰ অন্তৰ্গত দৰংগাপাৰ গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ চহৰ আলী(২০) আৰু মুকালমুৱা থানাৰ অন্তৰ্গত দৰংগপাৰাৰ চুকুৰ আলীৰ পুত্ৰ আব্বাচ আলী(২০) বুলি জানিব পৰা গৈছে ৷

বৰপেটা আৰক্ষী সুত্ৰই জানিবলৈ দিয়ামতে এক গোপন সুত্ৰৰ পমখেদি বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক মদন কলিতা আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শনিবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত বৰপেটা সদৰ থানাৰ অন্তৰ্গত ভেল্লাত অভিযান চলাই আৰু বৰপেটা দৌলাশাল পথত সন্দেহজনক অৱস্থাত তিনিজন যুৱকক চলা ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে৷আৰক্ষীয়ে যুৱক তিনিজনক সোধ পোচ কৰাৰ লগতে তালাচী চলায়৷

এই সময়ছোৱাত যুৱক তিনিজনৰ হাতৰ পৰা ৪ জাঁই গুলী ভৰ্তি এটা হস্ত নিৰ্মিত ৰিভ’লভাৰ জব্দ কৰে আৰু এজাঁই অতিৰিক্ত গুলী উদ্ধাৰ কৰে৷ আৰক্ষীৰ এই অভিযানৰ সময়চোৱাতে ভেল্লা ডাকঘৰৰ সমীপত সন্দেহজনক অৱস্থাত এখন চাৰিচকীয়া বাহন প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি আৰক্ষীৰ সুত্ৰটোৱে কয় যে , এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চাৰিচকীয়া বাহনখনত থকা অন্য তিনিজন বাহনসহ পলাই যাবলৈ সক্ষম হয় ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি