নগাঁৱত আটক ড্ৰাগছ মাফিয়া, জব্দ নগদ ধন, ম’বাইলসহ ড্ৰাগচ সেৱনত ব্যৱহৃত সামগ্ৰী

নগাঁৱত আটক ড্ৰাগছ মাফিয়া, জব্দ নগদ ধন, ম’বাইলসহ ড্ৰাগচ সেৱনত ব্যৱহৃত সামগ্ৰী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধি বৰ্তমান নগাঁৱৰ ড্ৰাগছ মাফিয়া চক্ৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়াগৰাকীয়ে নগাঁও জিলাত যোগদান কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এটি বিশেষ গোট গঠন কৰি দিয়াৰ পিছৰে পৰা ব্যাপক হাৰত গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ ড্ৰাগছৰ চোৰাং ব্যৱসায়ত জড়িত বহু কেইটা মাফিয়া৷

সোমবাৰে নিশাও নগাঁও চহৰৰ কলংপাৰ এলেকাত গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে এটা ড্ৰাগছ মাফিয়াক আটক কৰে৷ ভৱেন দাস নামৰ মাফিয়া চক্ৰৰ সদস্যজনৰ পৰা ড্ৰাগছ বিক্ৰী কৰা নগদ ৪২,০৪০ টকাৰ লগতে ৬ টা ম'বাইল ফোন, ড্ৰাগছ সেৱনৰ বাবে ব্যৱহাৰ কৰা ৪৬ টা কনটেইনাৰ সহ ১২ ডাল লাইটাৰ জব্দ কৰে৷

বদলি সূত্ৰে নগাঁৱৰ টি এছ আই হিচাপে যোগদান কৰিয়েই আৰক্ষী বিষয়া গৌৰৱ জ্যোতি মহন্তই সদৰ অ'চি শৈলেন দেউৰীৰ তথা আৰক্ষী দলৰ সহযোগত বিশেষ অভিযান চলাই ভৱেন দাসক আটক কৰাৰ লগতে নগদ ধন আৰু সামগ্ৰীসমূহ জব্দ কৰে৷ বুধবাৰে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াটোক আদালতত হাজিৰ কৰা হয় বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in