অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল…

অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল…

ডিজিটেল ডেস্ক : অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিয়ে প্ৰচাৰ ভাৰতীৰ ডাইৰেক্ট টু হোম ফ্ৰি ডিচ সেৱাৰ অতিৰিক্ত ২২ নিযুত ব্যৱহাৰকাৰীৰ একো পৰিশোধ নকৰাকৈ বেআইনী ভাবে ডিটিএইচ ব্যৱহাৰকাৰী এক্সেজ লাভ কৰিছিল । যাৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰক প্ৰদান কৰা কোনো টকা প্ৰদান কৰা নাছিল।দ্য টাইম অফ ইণ্ডিয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা ।

উল্লেখ্য যে ২০১৭ চনত ৰিপাব্লিক টিভি আৰু জি মিডিয়া নেটৱৰ্কৰ চেনেলসমূহে প্ৰসাৰ ভাৰতীৰ ফ্ৰি ডিচত ভিউৱাৰশ্বিপ অৰ্জনৰ বাবে নিলাম প্ৰণালীক অৱজ্ঞা কৰিছিল। নিলাম প্ৰক্ৰিয়াৰ বাবে এটা স্লটৰ বাবে কেৰিয়াৰ মাচুল হিচাপে প্ৰতি বছৰে ৮-১২ কোটি প্ৰয়োজন হৈছিল।অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিকৰ ইংৰাজী বাতৰি চেনেলটো ফ্ৰী ডিছ সেৱাৰ সকলো উপভোগকাৰীৰ বাবে বেণ্ডৱাইডৰ এনক্ৰিপ্টত দুবছৰৰ বাবে সম্প্ৰচাৰ কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পায়।

আনহাতে,বিভিন্ন বিষয়ত ৰাজ কোষৰ ধন অপব্যয় আৰু ৰিপাব্লিকে এই সুবিধা লোৱাৰ বাবে অন্য চেনেল সমূহে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক এই কথা জাননী যোগে আপত্তি দৰ্শাইছিল ।তাৰ পিছত আপত্তি দৰ্শোৱা জননীখন প্ৰেৰন কৰা হৈছিল প্ৰসাৰ ভাৰতীলৈ । অৱশ্যে, এই প্ৰক্ৰিয়াটো ২০১৯ চনলৈকে অব্যাহত আছিল, যেতিয়া ব্যক্তিগত ডিটিএচ সেৱাৰ সৈতে ৰিপাব্লিক টিভি, ডিচ টিভিৰ ট্ৰেন্সমিচনৰ বাবে চুক্তি হৈছিল আৰু চেনেলটো এনক্ৰিপ্ট কৰিবলৈ আৰম্ভ কৰিছিল।

"চৰকাৰৰ এই ক্ষেত্ৰত ডাঙৰ ক্ষতি নহ'লেও এই কাৰ্যৰ ফলত চেনেলটোৱে অতিৰিক্ত দৰ্শক লাভ কৰাত সহায় কৰিছিল বুলি এজন মিডিয়া ক্ৰেতাই কয়। প্ৰসাৰ ভাৰতী অভিযোগৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু ৰিপাব্লিক টিভি আৰু ডিচ টিভিৰ বিৰুদ্ধে নিলামৰ সঠিক প্ৰক্ৰিয়াক অৱজ্ঞা কৰি অধিক পাতল কৰি তোলা বুলি অভিযুক্ত কৰে ।

ইফালে, এমআইবি-এ ৰিপাব্লিক টিভিয়ে ফ্ৰী ডিছৰ অধিকাৰ নহোৱাকৈ ব্যৱহাৰ সম্পৰ্কে প্ৰশ্ন কৰি ডিছ টিভিলৈ এখন পত্ৰ লিখিছিল। এই পত্ৰৰ উত্তৰত ডিছ টিভিয়ে উত্তৰ দিয়ে যে চৰকাৰৰ নিৰ্দেশনা অনুসৰি সকলো চেনেল আৰু সেৱা এনক্ৰিপ্ট কৰা হৈছে আৰু ই সকলো প্ৰয়োজনীয়তা পালন কৰি আছিল। কিন্তু চৰকাৰে অৰ্ণবৰ চেনেলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । ৰিপাব্লিক টিভিয়ে কেৰিয়াৰ মাচুল পৰিশোধ নকৰাকৈ দুবছৰৰ অধিক সময় ফ্ৰীডিছ সেৱা ব্যৱহাৰ কৰি আছিল বুলি প্ৰতিবেদনটোত উল্লেখ কৰে।

মুম্বাই আৰক্ষীয়ে অভিযোগ কৰা টিআৰপি কেলেংকাৰিত তদন্ত আৰম্ভ কৰাৰ পিছত এই গোচৰটো পোহৰলৈ আহিছ আৰু এক পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰে মুম্বাই আৰক্ষীয়ে । য'ত পূৰ্বৰ ব্ৰডকাষ্ট অডিয়েঞ্চ ৰিচাৰ্চ কাউন্সিলৰ চিইও পাৰ্থ দাস গুপ্তা আৰু অৰ্ণৱ গোস্বামীৰ মাজত হোৱা হোৱাটছএপ আৰু ইমেইল বাৰ্তাও সংলগ্ন কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in