ৰক্তাক্ত ম্যানমাৰ !সেনাৰ গুলিত ১৮ জন প্ৰতিবাদীকাৰী নিহত…

ৰক্তাক্ত ম্যানমাৰ !সেনাৰ গুলিত ১৮ জন প্ৰতিবাদীকাৰী নিহত…

ডিজিটেল সংবাদ,ৱাখা : ম্যানমাৰৰ সামৰিক বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে চলা বিক্ষোভ – প্ৰতিবাদত বুধবাৰে পুনৰ সেনা-আৰক্ষী গুলীত ১৮ জন প্ৰতিবাদকাৰী নিহত হয় । বুধবাৰে দেশখনৰ মুখ্য চহৰ য়াংগুনত এক প্ৰতিবাদী মিছিলৰ ওপৰত ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গাড়ী চলাই নিবলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাদী জনতাৰ তীব্ৰ শিলাবৰ্ষণ কৰাত আৰক্ষীয়ে পিছোৱাবলৈ বাধ্য হয় । ফলত দুয়ো পক্ষৰ মাজত খণ্ড যুদ্ধ হয়।

ইয়াৰ পিছত ম্যানমাৰ আৰক্ষীয়ে অধিক ক্ষুব্ধ হৈ গুলী চালানা কৰাত ১৮ লোক প্ৰতিবাদকাৰী নিহত হয় । উল্লেখযোগ্য যোৱা এমাহ ধৰি সামৰিক অভ্যুত্থান বিৰুদ্ধে কৰা প্ৰতিবাদত সেনাৰ হাতত এতিয়ালৈকে ৪০ লোকে প্ৰাণ হেৰুৱাইছে । ম্যানমাৰস্থিত মানৱাধিকাৰ সংগঠন এছচিয়েচন ফৰ পলিটিকেল প্ৰিজনাৰ্ছৰ যুটীয়া সচিব কো বো কীয়ে কৈছে যে সামৰিক বাহিনীয়ে কোনো সতৰ্কতা অৱলম্বন নকৰাকৈয়ে বহুকেইখন চহৰত যধে – মধে প্ৰতিবাদকাৰীৰ ওপৰত গুলী চলাইছে ।

কালি দেশখনৰ বৃহত্তম চহৰ য়াংগুনত প্ৰতিবাদী জনতাৰ ওপৰত গুলীবৰ্ষণ কৰাত ৮ জন লোকৰ মৃত্যু হয় । আনহাতে মংগলবাৰেও অন্য ৭ জন লোক নিহত হয়। আনহাতে ম্যানমাৰৰ দ্বিতীয় বৃহৎ চহৰ মাণ্ডালয়ত সেনাৰ গুলীত দুজন লোক নিহত হয় । 'দা ম্যানমাৰ নিউজ এজেন্সীৰ ' মতে সামৰিক বাহিনীয়ে প্ৰায় ৩০০ প্ৰতিবাদীক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে ।

উল্লেখযোগ্য যে যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত ৰক্তপাতহীন সামৰিক অভ্যুত্থান ঘটে । ম্যানমাৰ সেনা প্ৰধান জেনেৰেল মিন অঙ হ্লাইঙে আঙ চাঙ চ্যু কীৰ পৰা ক্ষমতা কাঢ়ি নিজৰ হাতলৈ নিয়ে । তেতিয়াৰে পৰা দেশখন গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে দেশখনৰ জনতাই প্ৰতিবাদ প্ৰবল কৰি তুলিছে । ইফালে দক্ষিণ পূৰ্ব এছিয়াৰ বৈদেশিক মন্ত্ৰীসকলে আঙ চান চ্যু কীৰ মুক্তি আৰু ম্যানমাৰত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে জুণ্টা সামৰিক বাহিনীৰ চৰকাৰৰ আহবান জনাইছিল যদিও সেয়া কাৰ্যত ব্যৰ্থ হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in