শেহতীয়া খবৰ
ৰাজস্থানত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহযাত্ৰী কঢ়িওৱা বাছ পৰিলগৈ নদীত, ১৮ জনৰো অধিক লোকৰ মৃত্যু...  •  ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...

জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বী হিচাপে ‘চীফ অৱ ডিফেন্স ষ্টাফ’ পদত কাক দিয়া হ’ব নিযুক্তি…

466

ডিজিটেল ডেস্কঃ ৭৩ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ সেনা বাহিনীৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল । মোডীয়ে ঘোষণা কৰিছেল যে- জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বী হিচাপে অচিৰেই ‘চীফ অৱ ডিফেন্স ষ্টাফ’ পদৰ প্ৰৱৰ্তন কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে সেনা বাহিনীৰ এই উচ্চ পদত কাক অধিষ্ঠিত কৰা হব তাক লৈ চলিছে চৰ্চা।এক সুত্ৰৰ খবৰ অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ মাহত সেনাৰ উচ্চ পৰ্যায়ৰ এক বৈঠকত এই পদবীৰ কাৰ্য-কলাপৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে আলোচনা কৰা হব। চীফ অৱ ডিফেন্স ষ্টাফৰ পোছাকত ৫ টা তাৰকা।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰনুসৰি এই পদৰ বাবে ভাৰতীয় স্থলসেনা প্ৰধান বিপিন ৰাৱটৰ নাম আছে সবাতোকৈ আগত। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত অৱসৰ লব ৰাৱটে। ইয়াৰ পাছতে ৰাৱটৰ কান্ধত এই গুৰুত্বপূৰ্ণ পদবী অৰ্পণ কৰা হব বুলিও চৰ্চা চলিছে। ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ ৩০ চেপ্তম্বৰত অৱসৰ লব বায়ু সেনা প্ৰধান বি এছ ধনোৱাই। অৱশ্যে ধনোৱাৰ নাম এই পদৰ বাবে চৰ্চালৈ অহা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি