ভোটাৰক ভীতি প্ৰদৰ্শন কৰা ৰাজনৈতিক দলক সতৰ্ক কৰিবলৈ কাছাৰত সেনা আৰু আৰক্ষীৰ ফ্লেগমাৰ্চ

ভোটাৰক ভীতি প্ৰদৰ্শন কৰা ৰাজনৈতিক দলক সতৰ্ক কৰিবলৈ কাছাৰত সেনা আৰু আৰক্ষীৰ ফ্লেগমাৰ্চ

ডিজিটেল সংবাদ, শিলচৰঃ ১ এপ্ৰিলত কাছাৰত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুস্থ আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কাছাৰ জিলা প্ৰশাসনে ৷ কোনো ৰাজনৈতিক দলে যাতে ভীতি প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কাটিগৰা সমষ্টিত সেনা আৰু আৰক্ষীৰ দ্বাৰা ফ্লেগমাৰ্চ কৰে ৷

উপায়ুক্ত কীৰ্তি জল্লি আৰু আৰক্ষী অধীক্ষক বি এল মিনাৰ নেতৃত্বত কাটিগৰা সমষ্টিৰ কাটিগৰা আৰু কালাইন এলেকাত ভোটাৰ সকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই ফ্লেগমাৰ্চৰ আয়োজন কৰা হয়৷ সমষ্টিটোৰ প্ৰধান পথ,বজাৰ, দোকান এলেকাত ফ্লেগমাৰ্চ কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে যানবাহনৰ চালক আৰু যাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ কোনোবা ৰাজনৈতিক দল নাইবা ব্যক্তি বিশেষে নিদিৰ্ষ্ট প্ৰাৰ্থীক ভোট দিবলৈ চাপ সৃষ্টি কৰিছে নেকি সেয়াও ভোটাৰ সকলৰ পৰা জ্ঞাত হয় প্ৰশাসনৰ মুৰব্বী দুগৰাকীয়ে ৷

কাৰো চাপত পৰি ভোটদান নকৰিবলৈ উপায়ুক্তই আহ্বান জনায় ভোটাৰ সকলক ৷ কোনোবাই ভীতি প্ৰদৰ্শন কৰিলে প্ৰশাসনক অৱগত কৰিবলৈও ভোটাৰ সকলক আহ্বান জনায় উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in