দৰিদ্ৰতাক নেওচি  নীটত সফলতাৰে উত্তীৰ্ণ সৰুক্ষেত্ৰীৰ আৰমিনাঃ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সম্বৰ্ধনা

দৰিদ্ৰতাক নেওচি নীটত সফলতাৰে উত্তীৰ্ণ সৰুক্ষেত্ৰীৰ আৰমিনাঃ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ চেঙাঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ক্ষুদ্ৰ বামুনবড়ীৰ কৃষক পৰিয়ালৰ কন্যাসন্তান আৰমিনা পাৰবিনে সদ্যঘোষিত নীট(NEET)ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। হাৰাণ আলী সৰকাৰ আৰু মামনি পাৰবিনৰ সু্যোগ্যা কন্যা আৰমিনা পাৰবিনে ৭২০ নম্বৰৰ ভিতৰত ৬২৪ নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। হোজাইৰ মৰিয়ম আজমল কলেজৰ চুপাৰ- ৪০ৰ ছাত্ৰী আছিল আৰমিনা পাৰবিন।

দৰিদ্ৰতাৰ মাজতো কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে এই সুনাম আনিবলৈ সক্ষম হৈছে আৰমিনাই। আৰমিনাৰ সফলতাত সন্তোষ প্ৰকাশ কৰি স্থানীয় বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে বুধবাৰৈ ক্ষুদ্ৰ বামুনবড়ীৰ আৰমিনাৰ বাসগৃহত উপস্থিত হয়।

বিধায়ক জাকিৰ হুছেইন সিকদাৰে আৰমিনা পাৰবিনক গামোচা, মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। আৰমিনাৰ উপৰিও আৰমিনাৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। আনহাতে ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী জেচমিনা চুলতানাইও পিতলৰ এখন শৰাইৰে অভিনন্দন জ্ঞাপন কৰে আৰমিনা পাৰবিনক। আৰমিনা পাৰবিনৰ পঢ়া-শুনাৰ লগতে সমস্যাসমূহৰো বুজ লয় বিধায়ক জাকিৰ হুছেইন সিকদাৰে।

বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে- "গাঁও অঞ্চলত এজন সু-চিকিৎসক হোৱাটো প্ৰতিখন গাঁৱৰ লোকৰ বাবে গৌৰৱৰ কথা। আৰমিনা পাৰবিনৰ মাক-দেউতাকে আৰু পৰিয়ালৰ লোকে বহু কষ্ট-ত্যাগ স্বীকাৰ কৰি আৰমিনা পাৰবিনক পঢ়াৰ ক্ষেত্ৰত আগুৱাই নিছে আৰু আৰমিনা পাৰবিনেও নিজৰ মাক- দেউতাকৰ কথাবোৰ শুনি , শিক্ষাগুৰুৰ পৰামৰ্শ মানি ভালকৈ অধ্যয়ন কৰি আজি নিজৰ লগতে গাঁওবাসীক ধন্য কৰিছে। প্ৰতিখন ঘৰতে এনেকুৱা আৰমিনা পাৰবিনৰ জন্ম হওক আৰু আমাৰ পিছপৰা অঞ্চলসমূহকো উজলাই তোলক। আৰমিনা পাৰবিন এজন ভাল চিকিৎসক হোৱাৰ লগে লগে এজন ভাল মানুহ হিচাপে সমাজক সেৱা কৰক। "

আনহাতে বিধায়ক জাকিৰ হুছেইন সিকদাৰে আৰমিনাৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনোৱাত উৎফুল্লিত হৈ পৰিছে আৰমিনা পাৰবিন। বিধায়কগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে আৰমিনাই। আৰমিনা পাৰবিনে পিছৰ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই কয় যে নিজৰ ইচ্ছা পূৰণ কৰিবলৈ হ'লে একাগ্ৰতা লাগিবই। নিজৰ কৰিবলগীয়া কামখিনি সদায় কৰি যাব লাগিব আৰু কঠোৰ পৰিশ্ৰমেই মূল কথা বুলি উল্লেখ কৰে আৰমিনাই। উল্লেখ্য যে আৰমিনা পাৰবিন নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলৰ পৰা ৯২% নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । অভিনন্দন জ্ঞাপন কাৰ্যসূচীটোত বিধায়কগৰাকীক সংগ দিয়ে কংগ্ৰেছ নেতা মুক্তাৰ আলী, ৭ নং দক্ষিণ পূব সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী, বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ আতিকুৰ ৰহমানৰ উপৰিও বহুকেইগৰাকী কংগ্ৰেছৰ কৰ্মী- সমৰ্থকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in