পুনৰ এন চি বিৰ কাৰ্যালয়ত শ্বাহৰুখ পুত্ৰ…

পুনৰ এন চি বিৰ কাৰ্যালয়ত শ্বাহৰুখ পুত্ৰ…

ডিজিটেল ডেস্কঃ পুনৰ এন চি বিৰ কাৰ্যালয়ত বলিউদ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ। শুকুৰবাৰে এন চি বিৰ কাৰ্যালয়ত উপস্থিত হয় শ্বাহৰুখ পুত্ৰ আৰিয়ান খান।ক্ৰুজ ড্ৰাগছ গোচৰত অভিযুক্ত হৈ কেইবাদিনো কাৰাগাৰত বন্দী হৈ থকা আৰিয়ানে কেইবাবাৰো আবেদন কৰাৰ পিছত বোম্বেই হাইক'ৰ্টে জামিন প্ৰদান কৰিছিল।

বোম্বে হাইক'ৰ্টে জামিন প্ৰদান কৰিলেও আৰিয়ানক প্ৰতি শুকুৰবাৰে এন চি বিৰ কাৰ্যালয়ত উপস্থিত হৈ পঞ্জীত স্বাক্ষৰ কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰিয়েই আৰিয়ানে শুকুৰবাৰে এন চি বিৰ কাৰ্যালয়ত উপস্থিত হৈ স্বাক্ষৰ কৰিলে। আনহাতে ক্ৰুজ ড্ৰাগছ গোচৰটোৰ আন এজন সাক্ষী কিৰণ গোসাৱীয়েও শুকুৰবাৰেই আদালতত হাজিৰ হোৱাৰ কথা আছে। গোসাভিৰ দেহৰক্ষী প্ৰভাকৰ চেইলে গোসাৱীৰ বিৰুদ্ধে ২৫ কোটি টকাৰ চুক্তিৰ অভিযোগ উত্থাপন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in