উজাগৰে আৰু কিমান ৰাতি পাৰ কৰিব শ্বাহৰুখ, গৌৰীয়ে! পুনৰ কাৰাগাৰলৈ গ’ল আৰিয়ান…

উজাগৰে আৰু কিমান ৰাতি পাৰ কৰিব শ্বাহৰুখ, গৌৰীয়ে! পুনৰ কাৰাগাৰলৈ গ’ল আৰিয়ান…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰেও জামিন নাপালে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে। মঙ্গলবাৰে বোম্বাই উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল। এই শুনানিৰ পাছতেই আৰিয়ানে জামিন লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও অৱশেষত পুনৰ কাৰাগাৰলৈয়ে বাট বুলিবলগীয়া হ'ল আৰিয়ানে। অৱশ্যে বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ত পুনৰ আৰিয়ানৰ জামিনৰ বিষয়ত শুনানি গ্ৰহণ কৰিব। দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ কৰিব এই শুনানি।

উল্লেখ্যে যে, বিগত ২ অক্টোবৰত এক ড্ৰাগছ পাৰ্টিৰ পৰা আটক কৰা হৈছিল শ্বাহৰুখৰ পুত্ৰৰ লগতে আন ৮ জন ব্যক্তিক। ইয়াৰ পিছতে এন চি বিয়ে আৰিয়ানক নিজৰ জিম্মাত ৰাখি সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছিল। এই তদন্তৰ সময়ছোৱাতে পোহৰলৈ আহিছিল বলিউডৰ ভিতৰৰ বহু গোপন অধ্যায়।

ইফালে পুত্ৰ আৰিয়ানৰ জামিন মঞ্জুৰ নোহোৱাত শোকত ভাগি পৰিছে শ্বাহৰুখৰ লগতে আৰিয়ানৰ মাতৃ গৌৰী খান। দেশৰ প্ৰসিদ্ধ অধিবক্তাক আৰিয়ানৰ হৈ আদালতত যুক্তি দৰ্শাবলৈ নিয়োগ কৰা হৈছে যদিও বাৰে বাৰে ব্যৰ্থ হৈছে তেওঁলোক।ইফালে আৰিয়ানৰ জামিন প্ৰসংগত বলিউডৰ একাংশ অভিনেতা, পৰিচালক, সংগীত শিল্পীয়ে নিজৰ মুখ খুলিছে। তেওঁলোকে আৰিয়ান আৰু শ্বাহৰুখৰ কাষত থিয় দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in