আৰণ্যক আৰু বি আৰ এম আইন মহাবিদ্যালয়ৰ উদ্যোগত জৈৱ বৈচিত্ৰৰ গুৰুত্ব আৰু আইনজীৱীৰ কৰ্তব্যৰ বিষয়ত আলোচনা

আৰণ্যক আৰু বি আৰ এম আইন মহাবিদ্যালয়ৰ উদ্যোগত জৈৱ বৈচিত্ৰৰ গুৰুত্ব আৰু আইনজীৱীৰ কৰ্তব্যৰ বিষয়ত আলোচনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ "জৈব্য বৈচিত্ৰ সংৰক্ষণ আমাৰ মুখ্য দায়িত্ব। কিয়নো আমাক খাদ্য, পানী আৰু বিশুদ্ধ বায়ু যোগান ধৰাত জৈৱ বৈচিত্ৰৰ অৱদান আছে"। আৰণ্যক আৰু বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত "জৈৱ বৈচিত্ৰৰ গুৰুত্ব আৰু আইনজীৱীৰ কৰ্তব্য"ৰ বিষয়ত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে আৰণ্যকৰ সচিব প্ৰধান ড° বিভৱ কুমাৰ তালুকদাৰে। ইয়াৰ উপৰি উক্ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি তেওঁ কয়, পৃথিৱীত মানুহ জাতিটো জীয়াই থকাৰ বৃহত্তৰ স্বাৰ্থত বন্যপ্ৰাণীৰ বিভিন্ন প্ৰজাতি সমূহ আৰু তেওঁলোকৰ বাসস্থান সমূহ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আজি আমাৰ মাজত বহি থকা শিক্ষাৰ্থী সকল, যিসকল ভবিষ্যতে গৈ একো একোজন মহান আইনজীৱী, বিচাৰক হ'বগৈ তেওঁলোকে বুজি পাব লাগিব যে, বন্যপ্ৰাণী আৰু জৈৱ সম্পদ ধ্বংস কৰা আৰু মানৱ জীৱন ধ্বংস কৰাৰ অপৰাধ সমতুল্য।

ইয়াৰ লগতে তেওঁ কয়, পৃথিৱীৰ অপৰাধৰ তালিকাত চতুৰ্থ সংখ্যক স্থানত আছে জীৱ জন্তুৰ চোৰাং ব্যৱসায়। বন্য জীৱ জন্তুৰ জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে চোৰাং ব্যৱসায়ে। ইয়াৰ লগতে তেওঁ বৰ্তমান গুৱাহাটী মহানগৰীৰ মাটিৰ আভ্যন্তৰীণ ভাগৰ জলস্তৰ কিদৰে দিনক দিনে কমি গৈ আছে আৰু বহুতো গৃহস্থই কেনেকৈ দৈনিক ব্যৱহাৰোপযোগী পানী চৰা দামত কিনিব লগা হৈছে তাক উদাহৰণ দি কয় যে, প্ৰতিজন নাগৰিকেই পৰিৱেশৰ অৱক্ষয়, বন্য ভূমি, জলভূমিৰ দ্ৰুত পৰিবৰ্তনৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়।

আইনৰ ছাত্ৰ-ছাত্ৰী সকলক জৈৱ বৈচিত্ৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ল'ব লগা ব্যৱস্থা আৰু ভৱিষ্যতে এইক্ষেত্ৰত কৰিব পৰা আইনী কাৰ্যকলাপ সম্পৰ্কে অৱগত কৰোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই অনুষ্ঠানত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, আৰণ্যক কেইবাজনো সদস্য উপস্থিত থাকি আলোচনাত অংশগ্ৰহণ কৰে। উপস্থিত সকলো লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰকৃতি ৰক্ষাৰ কথা কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in