কোৰোনাৰ ভয়াৱহতাৰ মাজতে গোমধানৰ খেতিৰে স্বাৱলম্বী ঢকুৱাখনাৰ অপূৰ্ব জ্যোতি…

কোৰোনাৰ ভয়াৱহতাৰ মাজতে গোমধানৰ খেতিৰে স্বাৱলম্বী ঢকুৱাখনাৰ অপূৰ্ব জ্যোতি…

ডিজিটেল সংবাদ, ঢকুৱাখনা : পৰম্পৰাগত কৃষি পদ্ধতিৰে চনপৰা কৃষিভূমিত উৎপাদনী চমক সৃষ্টিৰ বাবে চৰকাৰী কৃষি আঁচনিৰ প্ৰয়োজন নাই । প্ৰয়োজন মাত্ৰ এটা আত্ম উৎসৰ্গি মন। "মন কৰিলেই চন , বকৰা মাটিতেই ধন" এই আপ্তবাক্যশাৰী সত্যতা প্ৰতিপন্ন কৰি ঢকুৱাখনা নগৰৰ এজন উদ্যমী যুৱকে ডাঙি ধৰিছে কৰ্ম বিপ্লৱৰ সমুজ্জল দৃষ্টান্ত।

নগৰখনৰ ৪নং ৱাৰ্ডৰ অন্তৰ্গত টাউন তিনিআলি অঞ্চলৰ বাসিন্দা অপূৰ্ব জ্যোতি বৰুৱাই কোৰোনা কেন্দ্ৰীক আংশিক ভয়াবহতা আৰু লক ডাউনৰ মাজতেই নিজৰ প্ৰায় ১০ বিঘা পতিত আবাদী মাটিত একাদিক্ৰমে ৰবি ,খাৰিফ আৰু পৰম্পৰাগত ধান-সৰিয়হৰ খেতি কৰি প্ৰচুৰ ভাবে লাভান্বিত হোৱাই নহয়, আত্ম নিৰ্ভৰশীলতাৰ অনুকৰণীয় দৃষ্টান্ত দেখুৱাই আহিছে কৰ্মবিমুখ নব প্ৰজন্মক। 

স্নাতক ডিগ্ৰীধাৰী বৰুৱাই জনোৱামতে নিজৰ প্ৰায় ১০ বিঘা আবাদী কৃষি ভূমিত যোৱা প্ৰায় ৫টা বছৰ ধৰি একাদিক্ৰমে ঋতু অনুসৰি ৰবি আৰু খাৰিফ শষ্য কৰাৰ সমান্তৰাল ভাৱে ধান, সৰিয়হৰ খেতি কৰি প্ৰচুৰ ভাবে লাভান্বিত হৈ আহিছে। প্ৰতি বছৰে ধান-সৰিয়হৰ লগতে গোমধান, ৰঙালাও, আলু, ভেন্দি, বেঙেনা ,জলকীয়া আদি ধাৰাবাহিক হাৰত খেতি কৰি প্ৰচুৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ এই কৃষি ভূমিত গোমধান আৰু জলকীয়া খেতিয়ে চহাজনৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাইছে। কোনোধৰণৰ চৰকাৰী কৃষি আঁচনিৰ অৰ্থ সাহাৰ্যই ঢুকি নোপোৱা এই নীৰৱ চহা জনে জনোৱামতে  এনেবোৰ চৰকাৰী আঁচনিৰ ধন নহলেও কেৱল কৃষি সুলভ এটা মন সজীৱ হৈ থাকিলে কৃষি কৰ্মেৰে আত্মনির্ভৰশীলতাৰ পথত অগ্ৰসৰ হব পাৰি।

ইতিমধ্যে থলুৱা আৰু উন্নত প্ৰজাতিৰ আলু, ৰঙালাও, বেঙেনা,জলকীয়া  খেতি কৰি প্ৰভূত  লাভান্বিত হোৱা যুৱকজনে গোমধান খেতিৰ প্রতি বিঘাত ৯-১০ কুইণ্টল গোমধান উৎপাদন কৰা বুলি প্ৰত্যয়েৰে কয়। কৃষকজনে উৎপাদিত শস্য ঘৰত বহিয়েই বিক্ৰী কৰি  শ্ৰমৰ উচিত মূল্যায়ন লাভ কৰি অহা বুলি কৈ বৰ্হিৰাজ্যলৈ কৰ্মসংস্থাপনৰ সন্ধানত ঢাপলি মেলাৰ পৰিবৰ্তে ঘৰতে থাকি নিজৰ আবাদী মাটিত কৃষি বিপ্লৱৰ সূচনা কৰি আত্মনিয়োজন আৰু আত্মনির্ভৰশীলতাৰ নিদৰ্শন ডাঙি ধৰাৰ আহ্বান জনায় নৱপ্ৰজন্মক।

মিনি লক ডাউন কেন্দ্ৰীক অচলাৱস্থাৰ মাজতো শ্ৰম- ধন বিনিয়োগ কৰি অপূৰ্ব জ্যোতি বৰুৱাই কৰ্ম সংস্কৃতিৰ প্রশংসনীয় দৃষ্টান্ত দাঙি ধৰা এই কৃষি কৰ্মত মহকুমা কৃষি বিভাগৰ কোনো বিষয়া কৰ্মচাৰীৰ পৰামৰ্শ কিম্বা সহযোগিতা লাভ নকৰা বুলিও জনালে। নীৰৱে কৃষি বিপ্লৱৰ সূচনা কৰি ঈৰ্ষণীয় উপাৰ্জন কৰি অহা অপূৰ্ব জ্যোতি বৰুৱাক প্ৰধান মন্ত্ৰী কৃষক সন্মান আঁচনি অথবা মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনি কোনোখনেই ঢুকি নোপোৱাতো কৃষি বিভাগৰ অন্যতম বৃহৎ ব্যৰ্থতা হিচাবে ধৰা দিছে জন মানসত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in