আৰক্ষী বিষয়া টাবুৰাম পেগুলৈ ভাৰতীয় সেনাৰ বিশেষ সন্মান…

আৰক্ষী বিষয়া টাবুৰাম পেগুলৈ ভাৰতীয় সেনাৰ বিশেষ সন্মান…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভাৰতীয় সেনাৰ 'চীফ অব আৰ্মি ষ্টাফ কমাণ্ডেশ্যন কাৰ্ড' সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবু ৰাম পেগুৱে। সেনা বিষয়াসকলৰ লগতে বিভিন্ন ক্ষেত্ৰত সেনাৰ সৈতে আগবঢ়োৱা সহযোগিতাৰ বাবে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকলকো প্ৰদান কৰা হয় এই সন্মান।

চলিত বৰ্ষত উক্ত সন্মান দেশৰ চাৰিগৰাকী বিষয়াই লাভ কৰিছে আৰু ইয়াৰে তিনিগৰাকী বিষয়া জন্মু কাশ্মীৰৰ হোৱাৰ বিপৰীতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবু ৰাম পেগুৱেই হৈছে অসম তথা উত্তৰ-পূবৰ একমাত্ৰ আৰক্ষী বিষয়া।

উল্লেখ্য যে সন্ত্ৰাসবাদ দমনত সেনাবাহিনীৰ সৈতে আগবঢ়োৱা সহযোগিতাৰ লগতে জিলাখনত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে এইগৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে উক্ত সন্মান। উল্লেখ্য যে ২০১৭ চনত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছিল পেগুৱে।

২০০৪ বৰ্ষৰ এপিএছ বিষয়াগৰাকীয়ে জিলাখনৰ দায়িত্ব লাভ কৰাৰ পিছতে আইন-শৃংখলাৰ দিশটোত দেখা গৈছিল ইতিবাচক পৰিৱৰ্তন। বিশেষকৈ অশান্ত জৰ্জৰ অঞ্চল হিচাপে পৰিচিত হোৱা সত্বেও এইগৰাকী আৰক্ষী বিষয়াৰ বিশেষ সতৰ্কতাৰ বাবেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সমূহ কাম-কাজৰ লগতে চূড়ান্ত তালিকা প্ৰকাশৰ সময়তো জিলাখনত বিৰাজ কৰিছিল এক শান্তিপূৰ্ণ পৰিৱেশে।

আনহাতে সেনাবাহিনীৰ সৈতে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰতো নিজ দক্ষতাৰে কেবাটাও অভিযান সফল কৰি তুলিবলৈ সমৰ্থ হৈছিল এইগৰাকী আৰক্ষী বিষয়া। আৰক্ষী বিভাগৰ তথ্য অনুযায়ী পেগুৰ নেতৃত্বত জিলাখনৰ ভিন্ন প্ৰান্তত চলা অভিযানত ৪টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৯৪ জনৰো অধিক সক্ৰিয় সদস্য জালত পৰিছে। একেদৰে ৫৩টা অভিযানত একাধিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিও দক্ষতাৰ পৰিচয় দিছে এপিএছ বিষয়াগৰাকীয়ে।

সাধাৰণ জনতাৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখাতো সিদ্ধহস্ত এইগৰাকী আৰক্ষী বিষয়াই দায়িত্ব লাভ কৰাৰ পিছৰে পৰা জিলাখনত ধৰ্ণা, আন্দোলন আদিত কোনো ধন-জনৰ হানি নোহোৱা বিষয়টোক লৈও সচেতন মহলৰ মাজত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। এনেদৰে প্ৰায় সকলো ক্ষেত্ৰতে দক্ষতাৰ পৰিচয় দিবলৈ সমৰ্থ হোৱা আৰক্ষী বিষয়াগৰাকীয়ে ভাৰতীয় সেনাই প্ৰদান কৰা এই বিশেষ সন্মান লাভ কৰাৰ বাতৰি পোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমূহ কোকৰাঝাৰবাসী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in