আজি নিযুক্তি পোৱা সকলে ক’ত পাব নিযুক্তি পত্ৰ? চাওক সবিশেষ…

আজি নিযুক্তি পোৱা সকলে ক’ত পাব নিযুক্তি পত্ৰ? চাওক সবিশেষ…

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগত প্ৰায় ২৩ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত অনুষ্ঠিত হোৱা এক সভাত এই নিযুক্তি পত্ৰ প্ৰদানৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। অৱশ্যে নিযুক্তি লাভ কৰা সকলোকে হাতে হাতে নিযুক্তি পত্ৰ প্ৰদান কৰা হোৱা নাই।

বিভিন্ন বিভাগত নিযুক্তি প্ৰাপ্তসকলে বিভাগ অনুসৰি ভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰিব লাগিব নিযুক্তি পত্ৰ। সেই অনুসৰি জলসিঞ্চন বিভাগত ১০৫ গৰাকীয়ে নিযুক্তি লাভ কৰিছে। তেওঁলোকে গুৱাহাটীৰ বশিষ্ঠত থকা অতিৰিক্ত মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা নিযুক্তি পত্ৰ সংগ্ৰহ কৰিব পাৰিব। সমাজ কল্যাণ বিভাগত নিযুক্তি লাভ কৰিছে মুঠ ৭৯গৰাকীয়। তেওঁলোকে নিযুক্তি পত্ৰ সংগ্ৰহ কৰিব লাগিব বেলতলাত থকা সমাজকল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব নিযুক্তি পত্ৰ।

বন বিভাগত নতুনকৈ নিযুক্তি লাভ কৰিছে ২৩ গৰাকীয়ে। তেওঁলোকে পাঞ্জাবাৰীত থকা অৰণ্য ভৱনৰ পৰা নিযুক্তি পত্ৰ সংগ্ৰহ কৰিব লাগিব। জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি লাভ কৰিছে মুঠ ৩৩০ গৰাকীয়ে। তেওঁলোকে হেঙেৰাবাৰীত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত পাব নিযুক্তি পত্রসমূহ।

ডিৰেক্টৰেট ইলিমেণ্টৰি এড্যুকেশ্যনত নিযুক্তি লাভ কৰা সকলে www.d.assam.gov.in ৱেব চাইতৰ পৰা নিযুক্তি পত্র ডাউনলোড কৰিব পাৰিব। ডিৰেক্টৰেট ছেকেণ্ডেৰি এড্যুকেশ্যনত নিযুক্তি লাভ কৰা সকলে www.madhyamik.assam.gov.in ত পাব নিযুক্তি পত্র।

আনহাতে মুঠ ১২৪ গৰাকী সহকাৰী প্রবক্তা পদৰ প্রাৰ্থীয়ে নিযুক্তি পত্র পাব কাহালিপাৰাৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত। ডাইৰেক্তৰ অফ হেল্থ চাৰ্ভিছত নিযুক্তি পোৱা সকলে dhs.assam.gov.in ত পাব নিযুক্তি পত্র। ডাইৰেক্টৰ অফ হেল্থ চাৰ্ভিছ ফেমিলি ৱেলফেয়াৰত নিযুক্তি পোৱা সকলে dhsfw.assam.gov.in ত পাব নিযুক্তি পত্র।

ডাইৰেক্তৰ অফ মেডিকেল এড্যুকেশ্যনত নিযুক্তি লাভ কৰা সকলে dme.assam.gov.in ত পাব নিযুক্তি পত্র। অটল অমৃত অভিযান ছ'চাইটিত নিযুক্তি পোৱাসকলে www.aaas.assam.in ত পাব নিযুক্তি পত্র। আনহাতে কৃষি বিভাগত নিযুক্তি পোৱাসকলে খানাপাৰাৰ কৃষি ভৱনত নিযুক্তি পত্র লাভ কৰিব।

PWD বিভাগত নিযুক্তি পোৱাসকলে অসম সচিবালয়ৰ Block-B (Ground Floor) ত পাব নিযুক্তি পত্র। শ্ৰমিক কল্যাণ বিভাগত নিযুক্তি পোৱাসকলে অসম সচিবালয়ৰ Block-D ৰ পৰা নিযুক্তি পত্র ল'ব পাৰিব। আৰক্ষী বিভাগত নিযুক্তি পোৱাসকলে www.slbrassam.in ত পাব নিযুক্তি পত্র।

১৮ মে'ৰ পৰা নিযুক্তি পোৱাসকলৰ বাবে আৰম্ভ হ'ব প্রশিক্ষণ। উল্লেখ্য যে ১৪মে', ২০২২ত নিযুক্তি দিয়া সকলৰ ভিতৰত আছিল গৃহ বিভাগতঃ ৮,৮৬৭টা, প্ৰাথমিক শিক্ষাঃ ৭,৪২২টা, মাধ্যমিক শিক্ষাঃ ৩,৫১৭টা, উচ্চ শিক্ষাঃ ১২৪টা, জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০টা, জলসম্পদঃ ১০৫টা, সমাজ কল্যানঃ ৬৯টা, স্বাস্থ্যঃ ২,৪১৯টা, কৃষিঃ ৫৫, পৰিৱেশ আৰু বনঃ ২৩, লোক নিৰ্মাণঃ ৮, খনি আৰ খনিজ পদাৰ্থঃ ২, শ্ৰমিক কল্যান বিভাগৰ ১৭টা পদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in