শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

এমেজনত iPhoneৰ অফাৰ! বহু কম দামতে লাভ কৰিব বহু সামগ্ৰী…

1,685

ডিজিটেল ডেস্কঃ ইনলাইন সামগ্ৰী ক্ৰয়ৰ মঞ্চ এমেজন ইণ্ডিয়াই ১৩ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ এপল ডেজ চেল আগবঢ়াইছে গ্ৰাহকসকলৰ বাবে।  এই অফাৰত ধন ৰেহাইৰ লগতে এপলৰ বহু সামগ্ৰী উপলব্ধ কৰোৱা হৈছে। আইফোন এক্স আৰ (iPhone XR) বৰ্তমানলৈ আটাইতকৈ কম দামত ক্ৰয় কৰিবলৈ পাৰিব গ্ৰাহকে। লগতে এয়াৰপ’ডছ প্ৰ’ (AirPods Pro) আৰু মেকবুক এয়াৰ (MacBook Air)ৰ লগতে বহু কেইটা সামগ্ৰীৰ অফাৰ প্ৰদান কৰিছে।

আইফোন এক্স আৰ বৰ্তমান এমেজনত ৪২.৯০০ টকাত বিক্ৰী কৰা হৈছে। আৰু এই ম’বাইলটো যোৱা বছৰ ৭৬,৯০০ টকা মূল্যত মুকলি কৰা হৈছিল। এই ফোনটোত আছে এখন এল চি ডি স্ক্ৰীণ আৰু ছুপাৰফাষ্ট এ-১২ বায়’নিক চিপছেট। লগতে আছে এটা ১২ মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা আৰু বহু দীৰ্ঘ সময়লৈ চলিব পৰাকৈ বেটাৰী।

এমেজনত গ্ৰাহকে আইফোন ১১ ম’বাইলটোও ক্ৰয় কৰিব পাৰে। যাৰ মূল্য ৬৪,৯০০ টকা। কিন্তু এই মোবাইলটোত কোনো ৰেহাই দিয়া হোৱা নাই। অৱশ্যে এইচ ডি এফ চি ক্ৰেডিট আৰু ডেবিট ই এম আইত ক্ৰয় কৰিলে ৬০০০ টকা ৰেহাই, এইচ ডি এফ চি বেংক ডেবিট কাৰ্ড আৰু ন’ ক’ষ্ট ই এম আই বিকল্পৰ সৈতে ৫০০ টকাৰ লাভ পাব গ্ৰাহকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি