অপহৰণৰ পৰিকল্পনা কৰি থাকোতেই বোকাজানৰ খটখটীত আটক অপহৰণকাৰী চক্ৰ…

অপহৰণৰ পৰিকল্পনা কৰি থাকোতেই বোকাজানৰ খটখটীত আটক অপহৰণকাৰী চক্ৰ…

ডিজিটেল সংবাদ, বোকাজানঃ বোকাজানৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত খটখটি আৰক্ষীয়ে অসম নগালেণ্ড সীমান্তত চাহপাত ভৰ্ত্তি এখন ট্ৰাক সহ ট্ৰাক খন অপহৰণ কৰিবলৈ লোৱা আঠটা অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি WB 19 G 7465 নম্বৰৰ ট্ৰাকখন তিনিচুকীয়াৰ পৰা চাহপাত লৈ গুৱাহাটীলৈ যোৱাৰ কথা আছিল যদিও আদবাটৰ পৰাই চাহপাত ভৰ্ত্তি ট্ৰাকখনৰ চালক কৰ্মচাৰীৰ লগত তিনিচুকীয়াৰ ট্ৰেন্সপৰ্টাৰৰ যোগাযোগ নোহোৱাৰ লগতে নিৰ্দিষ্ট সময়ত ট্ৰাকখন গন্তব্য স্থান নোপোৱাত বিষয়টো আৰক্ষীক অৱগত কৰে ৷

উক্ত খবৰৰ আধাৰত খটখটী আৰক্ষীয়ে অভিযান চলাই ট্ৰাকখন নগালেণ্ডৰ ডিমাপুৰত প্ৰৱেশৰ প্ৰাকমূহুৰ্ত সীমান্তত উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক তিলক বিশ্বকৰ্মা,হেণ্ডিমেন সুমন ছেত্ৰীৰ লগতে গিলবাৰ্ট পাও,সুবোধ যাদৱ ,ৰাণা চৌধুৰী,বিকি দেব ,কাৱী কিহ আৰু স্বৰূপ চাহানি সহ আঠজন লোকক আটক কৰে ৷

আৰক্ষীৰ সুত্ৰ অনুসৰি চালক আৰু হেণ্ডিমেনৰ সহযোগত বাকী কেইটাই ট্ৰাকখন নুমলীগড়ৰৰ পৰা হাইজেক কৰি ডিমাপুৰলৈ লৈ আনিছিল ৷ ডিমাপুৰত কোনো লোকক চাহপাত খিনি বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থাকোতেই আৰক্ষীৰ জালত পৰে উক্ত চক্ৰটো ৷ উল্লেখ্য যে পূৰ্বতেও এনে ধৰণৰ সামগ্ৰীভৰ্তি ট্ৰাক সীমান্তত উদ্ধাৰ হৈ আহিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in