মোডীক চোৰ, মিছলীয়া কোৱা অপনা দল এতিয়া বিজেপিৰ মিত্ৰদল হ’ল!

মোডীক চোৰ, মিছলীয়া কোৱা অপনা দল এতিয়া বিজেপিৰ মিত্ৰদল হ’ল!

ডিজিটেল ডেস্কঃ বহু আলোচনা পৰ্যালোচনাৰ পিছত অৱশেত পুনৰ এবাৰ একত্ৰিত হ'ল অপনা দল আৰু বিজেপি। আগন্তুক লোকসভা নিৰ্বাচনত অনু্প্ৰিয়া পেটেলৰ নেতৃত্বাধীন অপনা দল আৰু বিজেপিয়ে উত্তৰ প্ৰদেশত একেলগে প্ৰতিদ্বন্দ্বিতাত নমাৰ ঘোষণা কৰে। শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে দুই দলৰ মিত্ৰতাৰ কথা টুইট যোগে ঘোষণা কৰে।

ইফালে উত্তৰ প্ৰদেশৰ অন্যতম সক্ৰিয় ৰাজনৈতিক দল অপনা দলে ৰাজ্যখনৰ ২খন লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে মিৰ্জাপুৰ লোকসভা সমষ্টিৰ পৰা অনুপ্ৰিয়া পেটেলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে আনখন আসনৰ পৰা কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। জানিব পৰা মতে, দুয়োটা দলৰ নেতৃত্বৰ আলোচনাহে মৰ্মেহে সেই আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব অপনা দলে।

উল্লেখ্য যে, উপেন্দ্ৰ কুশবাহাৰ ৰাষ্ট্ৰীয় লোক সমতা সমিতিয়ে এন ডি এ মিত্ৰজোটৰ পৰা নিজকে আতৰাই অনাৰ পিছতে অপনা দলেও এন ডিএৰ পৰা মিত্ৰতা উঠাই ল'ব বুলি চৰ্চা চলিছিল। সেই সময়ত অপনা দলে ৰাজহুৱাভাৱে প্ৰায়ে বিজেপিক কটাক্ষ আৰু সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছিল। আনকি মোডীক কটাক্ষ কৰি চোৰ আৰু মিছলীয়া বুলিও আখ্যা দিছিল অপনা দলে।

কিন্তু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত অপনা দলক কেইখন মান নিগম আৰু বোৰ্ডৰ দায়িত্ব অৰ্পন কৰি দলটোৰ বিশ্বাস পুনৰ আদায় কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পিছতো লোকসভা নিৰ্বাচনলৈ দুয়োটা দলৰ মাজত মিত্ৰতা সম্ভৱ হ'ব নে নাই তাক লৈ চৰ্চা চলি থকাৰ মাজতে শুকুৰবাৰে অমিত শ্বাহে দল দুটাৰ মিত্ৰতা ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in