‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি

‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। ১৯৩৫ চনৰ ১৫ অক্টোবৰত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল এইজন বিশ্ব প্ৰসিদ্ধ বিজ্ঞানীয়ে। বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তা ধাৰা, মিছাইল উন্নয়ন তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ বাবে তেওঁক 'মিছাইল মেন' বুলি জনা যায়।

বিজ্ঞানৰ সমান্তৰালকৈ দৰ্শন, ভাষা তথা সাহিত্যৰ ক্ষেত্ৰতো তেখেত আছিল অদ্বিতীয়। তেওঁ লিখি উলিয়াইছিল ১৮খনকৈ বিখ্যাত কিতাপ। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত মহাপ্ৰয়াণ ঘটিছিল ভাৰত ৰত্ন ড০ এ পি যে আব্দুল কালামৰ।

জীৱনকালত তেওঁ কোৱা প্ৰতিটো কথাই বৰ্তমান প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক স্বৰূপ। ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি আছিল ড০ এ পি জে আব্দুল কালাম। বিজ্ঞানী তথা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীকক স্মৰণ কৰিবৰ বাবে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in