হোৱাটছএপত আহিছে নেকি এই খবৰ….

হোৱাটছএপত আহিছে নেকি এই খবৰ….

ডিজিটেল ডেস্কঃ চৌদিশে কেৱল পানী। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰায় প্ৰতিখন জিলাতে এতিয়া বানপানীয়ে জটিল ৰূপ ধাৰণ কৰিছে। চুবুৰীয়া পাহাৰীয়া ৰাজ্য কেইখনত অহা বৰষুণে এই ৰাজ্য কেইখনত থকা নদী বান্ধ সমূহৰ ওপৰত থকা জলস্তৰ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত নদী বান্ধৰ পানীও এৰি দিবলগীয়া হোৱাত এতি এই বান্ধৰ পানীয়ে আহি ৰাজ্যৰ বহু কেইখন জিলাক জলমগ্ন কৰিছে।

সৌ সিদিনাখন প্ৰথমটো জেঠুৱা বানে পাহাৰীয়া জিলা ডিমা হাচাওত ধ্বংসলীলা চলাই হাফলং চহৰৰ লগতে জিলাখনৰ ভিতৰুৱা অঞ্চলসমূহ বহিঃ বিশ্বৰ পৰা বিচ্ছিন্ন কৰিলে। কেৱল ডিমা হাচাওৱেই নহয় সমগ্ৰ অসমকেই বুৰালে জেঠুৱা বানে।

বান আৰু ভূমিস্খলনৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্য সমূহত তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে হোৱাটছএপৰ মাধ্যমেৰে ফৰৱাৰ্ড হৈ আছে এক বিশেষ বাৰ্তা। এই বিশেষ বাৰ্তাত কোৱা হৈছে যে কালিৰে পৰা আগষ্ট মাহৰ ২২ তাৰিখলৈ পূৰ্বৰ বছৰ সমূহৰ তুলনাত ঠাণ্ডা হ'ব। আৰু ইয়াক এফেলিয়ন ফেন'মেনন বুলি কোৱা হৈছে।

লগতে কোৱা হৈছে যে, কালিলৈ ৫-২৭ বজাৰ পৰা সূৰ্য পৃথিৱীৰ পৰা বহু দূৰলৈ গুছি যাব। আমি ইয়াক দেখা নাপালেও ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব পাৰিম।

এই সময়ছোৱাত আমি পূৰ্বৰ তুলনাত অধিক ঠাণ্ডা অনুভৱ কৰিম বুলিও কোৱা হৈছে। কোৱা হৈছে এই সময়ত আমি বিভিন্ন ধৰণৰ ফ্লু, কাহ, উশাহত কষ্ট পোৱাৰ দৰে কিছুমান সমস্যাৰ সন্মুখীন হম।ইয়াৰ উপৰিও এই বাৰ্তাত উল্লেখ আছে যে পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব হৈছে ৯০,০০০,০০০ কিলোমিটাৰ। কিন্তু এফিলিয়নৰ বাবে এই দূৰত্ব ১৫২,০০০,০০০ কিলোমিটালৈ বৃদ্ধি পাব।

হোৱাটছএপত বিয়পি আছে এই খবৰ…

হোৱাটছএপৰ মাধ্যমত এজনৰ পৰা আন এজনলৈ বিয়পি পৰা এই খবৰ প্ৰকৃততে কিমান শুদ্ধ? দৰাচলতে এই বিষয়ে বহুতেই বিচাৰ কৰা নাই। যিয়েই এই বিশেষ খবৰ লাভ কৰিছে তেওঁৱেই বাৰ্তাত উল্লেখ থকাৰ দৰেই এজনৰ যিমান পাৰে সিমানলৈ ফৰৱাৰ্ড কৰিছে।

এফেলিয়ন ফেন'মেনন নতুন কথা নহয়। এয়া সৌৰজগতৰ এক অন্যতম অংশ। আপুনি যদি মগজুত কিছু জোৰ দিয়ে তেন্তে মনত পৰিব ষষ্ঠ, সপ্তম শ্ৰেণীতেই ভূগোলৰ পৃষ্ঠাত এই বিষয়ে অধ্যয়ন কৰিছিল। ইয়াত কোৱা এফেলিয়ন ফেন'মেনন বা এফেলিয়ন প্ৰক্ৰিয়া হ'ল উপসুৰ। এতিয়া নিশ্চয় ধৰিব পাৰিছে। ষষ্ঠ, সপ্তম শ্ৰেণীতে আপুনি অনুসুৰ আৰু উপসুৰৰ বিষয়ে কিছু জানিব পাৰিছিল।

বাৰ্তাটোত ভালকৈ চালে আপুনি ধৰিব পাৰিব ইয়াত কালিৰে পৰা আৰম্ভ হ'ব বুলি কৈছে যদিও প্ৰকৃততে কেতিয়াৰ পৰা আৰম্ভ হব এই প্ৰক্ৰিয়া সেই কথা সঠিককৈ ধৰিব নোৱাৰ। কিয়নো তাত কোনো নিৰ্দিষ্ট সময় উল্লেখ নাই। আৰু সেই বাৰ্তাক এক কথাত সম্পূৰ্ণ শুদ্ধ নহয় বুলিয়েই ক'ব পাৰি।

কি এই এফেলিয়ন ফেন'মেনন?

আমি সকলোৱে জানো পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। গোলাকাৰ আকৃতিত পৃথিৱীয়ে প্ৰতি মুহূৰ্ততে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। কিন্তু যদিও পৃথিৱী গোলাকাৰ আকৃতিৰে ঘূৰি থাকে বুলি কোৱা হয় দৰাচলতে পৃথিৱীয়ে সম্পূৰ্ণ গোলাকাৰ আকৃতিত নিজ কক্ষপথত পৰিভ্ৰমণ নকৰে। প্ৰকৃততে পৃথিৱীয়ে উপবৃত্তাকাৰ গতিতহে পৰিভ্ৰমণ কৰে।

সেয়েহে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কেতিয়াবা সবোতোকৈ বেছি আৰু কেতিয়াবা সবাতোকৈ কম হয়। এসময়ত পৃথিৱী সূৰ্যৰ পৰা প্ৰায় ১৪৭.৫ নিযুত কিলোমিটাৰ দূৰত্বতত অৱস্থান কৰে। এইয়া হৈছে পৃথিৱীৰ সূৰ্যৰ আটাইতকৈ নিকটতম দূৰত্ব। ইয়াক কোৱা হয় পেৰিহেলিয়ন বা অনুসূৰ।

আনহাতে এটা পৰ্যায়ত পৃথিৱী সূৰ্যৰ পৰা ১৫২ নিযুত কিলোমিটাৰ দূৰত্বত অৱস্থান কৰে আৰু ইয়াক এফেলিয়ন বা অপসূৰ বুলি কোৱা হয়। ইংৰাজী কেলেণ্ডাৰৰ ৩ জানুৱাৰী তাৰিখে পৃথিৱী সূৰ্যৰ একেবাৰে কাষলৈ অৰ্থাত ১৪৭.৫ নিযুত কিলোমিটাৰ দূৰত্বত থাকে। এয়াই পেৰিহেলিয়ন বা অনুসূৰ।  আনহাতে ৪ জুলাইৰ দিনটোত পৃথিৱী সূৰ্যৰ আটাইতকৈ দূৰত্বত অৰ্থাত ১৫২ নিযুত কিলোমিটাৰ দূৰত্বত থাকে। এয়াই এফেলিয়ন বা উপসূৰ।

গতিকে ২২ আগষ্টত পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বলৈ যোৱাৰ কথা শুদ্ধ নহয়। ৪ জুলাইত হে পৃথিৱী সূৰ্যৰ আটাইতকৈ দূৰত অৱস্থান কৰে।  

পৃথিৱী এতিয়া প্ৰায় এফেলিয়নৰ কাষত। ক্ৰমান্বয়ে পৃথিৱী সূৰ্যৰ পৰা দূৰত্বত অৱস্থান কৰিছে। বিজ্ঞানীসকলে কৈছে যে এফেলিয়নে আমাৰ বতৰক প্ৰভাৱিত কৰে। কিন্তু এই প্ৰভাৱ সুদূৰপ্ৰসাৰী নহয়। জানুৱাৰীৰ আৰম্ভণিতে পেৰিহেলিয়ন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু জুনৰ শেষৰ পৰা আৰু জুলাইৰ আৰম্ভণিৰ পৰা এফেলিয়ন প্ৰক্ৰিয়া আৰম্ভ হয়।

আকৰ্ষণীয় কথাটো হ'ল যে পৃথিৱী যেতিয়া পেৰিহেলিয়ত থাকে তেতিয়া সূৰ্যৰ একেবাৰে কাষত থাকিলেও আমি ঠাণ্ডা অনুভৱ কৰো। আৰু যিমানেই দূৰত্ব বৃদ্ধি পাই সিমানেই উষ্ণতাও বৃদ্ধি পায়।

বতৰত গৰম বা ঠাণ্ডা পৃথিৱীৰ অক্ষত হেলনীয়া হোৱাৰ ফলত হয়। হেলনীয়া হোৱাৰ বাবে  কোনো সময়ত পৃথিৱীৰ যি অংশত সূৰ্যৰ ৰশ্মি পোনকৈ পৰে সেই ঠাইত তাপ বৃদ্ধি পাই আৰু য'ত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে সেই ঠাইত শীত অনুভৱ হয়। একে সময়তে বায়ুৰ চাপ, মৰুভূমিৰ পৰা অহা বতাহ আদিৰ ফলত উষ্ণতাও প্ৰভাৱিত হয়।

বতৰৰ সাল-সলনিৰ বাবে মানুহৰ শৰীৰত জ্বৰ, ছৰ্দি, কাহ বা তেনে কিছুমান ৰোগে দেখা দিয়ে। এয়া অস্বাভাৱিক কথা নহয়। হঠাৎ বতৰৰ পৰিৱৰ্তন হ'লে মানুহৰ সেয়েহে এনেধৰণৰ ৰোগ হয়। এয়া বৰ বিশেষ চিন্তনীয় কথা নহয়। পানীৰ ব্যৱহাৰ, খাদ্যকে ধৰি কিছু ক্ষেত্ৰত সচেতন হোৱাৰ লগতে দেহৰ ইমিউনিটি শক্তি বৃদ্ধি কৰিলে এই ৰোগৰ পৰা সহজতেই উপশমো পাব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in