জঘন্য কাণ্ড! স্বামীৰ সমূখতে ১৭ জন লোকে বলাৎকাৰ কৰিলে মহিলাক…

জঘন্য কাণ্ড! স্বামীৰ সমূখতে ১৭ জন লোকে বলাৎকাৰ কৰিলে মহিলাক…

ডিজিটেল ডেস্কঃ এই খন ভাৰততে সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। স্বামীৰ সমূখতে এগৰাকী মহিলাক ১৭ জন লোকে বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে আৰক্ষী মহানিৰ্দেশকলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, ঝাৰখণ্ডৰ দুমকা জিলাত এই ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে শুকুৰবাৰে ঝাৰখণ্ডৰ ডিজিপি গৰাকীক দুটামাহৰ ভিতৰত তদন্ত সমাপন কৰিবলৈ অনুৰোধ জনাইছে।

খবৰ অনুসৰি, ১৭ জন লোকে মহিলা গৰাকীৰ স্বামীক আবদ্ধ কৰি ৰাখি তেওঁক একেসময়তে বলাৎকাৰ কৰে। মঙলবাৰে ৰাতি স্বামীৰ লগত বজাৰ কৰি ঘৰলৈ ঘূৰি অহাৰ পাছত এই ঘটনা সংঘটিত হৈছিল। মহিলা গৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, সেই সময়ত লোককেইজন মদমত্ত আছিল।

ৰাষ্ট্ৰীয় মহিলা আয়োগে কয় যে, তেওঁলোক এই ঘটনাক লৈ যথেষ্ট চিন্তিত আৰু সেয়ে তেওঁলোকে ইয়াৰ শীঘ্ৰে তদন্তৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in