মোডী চৰকাৰৰ বিৰুদ্ধে দিল্লীত নাইডুৰ অনশন, কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সমৰ্থন

মোডী চৰকাৰৰ বিৰুদ্ধে দিল্লীত নাইডুৰ অনশন, কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সমৰ্থন

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ অপশাসন আৰু অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীৰে এদিনীয়া অনশনত বহিছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডু। সোমবাৰে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা মুখ্যমন্ত্ৰীৰ অনশন কাৰ্যসূচীত অংশ লৈছে তেলেগু দেশম পাৰ্টীৰ আন সাংসদ, বিধায়কৰ লগতে তেওঁৰ সমৰ্থক সকলেও।

ইফালে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিবাদ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে কংগ্ৰেছকে ধৰি আন বিৰোধী ৰাজনীতি দলৰ নেতৃত্বইও। কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও নাইডুৰ অনশনস্থলীত উপস্থিত হৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ দাবীলৈ কংগ্ৰেছ দলৰ সমৰ্থন আছে বুলি সদৰী কৰে। নেশ্যনেল কনফাৰেন্সৰ অধ্যক্ষ, অন চি পি নেতা নছীদ মেমনেও নাইডুৰ অনশনলৈ সমৰ্থন আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in