শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

নামঘৰৰ ইতিহাস প্ৰণয়নত সহযোগ কৰা ‘সাদিন-প্ৰতিদিন’ৰ স্বত্তাধিকাৰ জয়ন্ত বৰুৱাক আউনীআটীয় সত্ৰাধিকাৰৰ আশীষ প্ৰদান…

174

ডিজিটেল ডেস্কঃ আউনীআটী সত্ৰৰ ব্যৱস্থাপনাত অসমৰ নামঘৰসমূহৰ পৰিচয়মূলক ইতিহাস নামৰ গ্ৰন্থ সম্ভাৰৰ প্ৰথম খণ্ডটি যোৱা জানুৱাৰী মাহৰ ১৯ তাৰিখৰ পৰা মাজুলীত অনুষ্ঠিত ৯দিনীয়া ভাওনা সমাৰোহৰ উদ্বোধনী উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰিছিল বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই।

সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিকতাৰ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু পণ্ডিত, ভালে সংখ্যক সত্ৰৰ সত্ৰাধিকাৰ আৰু নামঘৰৰ কেইবাসহস্ৰ নামাচাৰ্যৰ দেৱবাদ্যধ্বনিৰ মাজত উন্মোচিত এই অনুষ্ঠানত অতিথি ৰূপে ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ সত্তাধিকাৰ জয়ন্ত বৰুৱা উপস্থিত থকাৰ কথা আছিল যদিও, অনিবাৰ্য কাৰণবসত তেওঁ উপস্থিত থাকিব নোৱাৰাত বৰুৱাই প্ৰেৰণ কৰা এক লিখিত ভাষণ পাঠ কৰা হয়।

উল্লেখযোগ্য যে, অসমৰ ১০ সহস্ৰাধিক নামঘৰৰ ভিতৰৰে প্ৰায় ১৩৭০টা নামঘৰৰ পৰিচয় তথা চমু ইতিহাস সম্বলিত এই গ্ৰন্থখনি আউনীআটী সত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হৈছে যদিও এইখনিৰ মুদ্ৰণৰ সমুদায় ধন ব্যয় কৰে ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ হৈ সত্তাধিকাৰ জয়ন্ত বৰুৱাই।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ কাৰ্যালয়ত উপস্থিত হৈ আগবঢ়ালে নিৰ্মালী…

অসমৰ গ্ৰাম্য সমাজত নামঘৰৰ এক বলিষ্ঠ ভূমিকা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই নামঘৰ কেৱল শংকৰী সংস্কৃতিৰ চৰ্চা কেন্দ্ৰই নহয়, সমাজ, অৰ্থনীতি তথা লোককৃষ্টিৰ চৰ্চাকৰ্ষণৰথলি নামঘৰে সামাজিক ন্যায় আৰু ক্ষমতাৰ ভেটিও সবল কৰি আহিছে যদিও, অসমৰ নামঘৰ সন্দৰ্ভত এনে গুৰুত্বপূৰ্ণ গ্ৰন্থ বৃহৎ পৰিকল্পনাৰে ইতিপূৰ্বে প্ৰকাশ পোৱা নাছিল।সেয়ে আউনীআটী সত্ৰৰ এই প্ৰচেষ্টাৰ প্ৰতি আৰ্থিক সহযোগিতাৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা সহায়ৰ বাবে শনিবাৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামী প্ৰমুখ্যে সত্ৰৰ কেইবাগৰাকীও শিষ্য তথা দায়িত্বশীল সদস্য প্ৰমুখ্যে এক প্ৰতিনিধিৰ দল সন্ধিয়া সাদিন-প্ৰতিদিন গোষ্ঠীৰ কাৰ্যালয়ত উপস্থিত হয়।

কাৰ্যালয়তে জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি সত্ৰাধিকাৰ গৰাকীয়ে সত্ৰৰ নিৰ্মালী, গুৰু আসনক বা দিয়া বিচনি, গামোচা-চেলেং আৰু এখন কৃতজ্ঞতা পত্ৰৰে তেওঁক কৃতজ্ঞতা জনায়। অধিকাৰগৰাকীয়ে এই মহৎ কৰ্মৰ বাবে ভগৱানে তেওঁক আশীষ প্ৰদান কৰিব বুলি উন্মোচনী অনুষ্ঠানতে সমবেত সকলোৱে সমস্বৰে হৰি ধ্বনি দিয়াৰ কথা উল্লেখ কৰি এই কৰ্ম প্ৰেৰণা তেওঁৰ প-পিতামহ আৰু পিতৃ ক্ৰমে হেমচন্দ্ৰ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ পৰা লাভ কৰা বুলিও অভিহিত কৰে।

ইয়াৰ উত্তৰত বৰুৱা দেৱে অধিকাৰ ভকতসকলক প্ৰণাম জনাই কয় যে – ‘এই মহৎ কাম মই কৰা নাই। আউনীআটী সত্ৰই এক মহা উদ্যোগ লৈছিল আৰু ভগৱানে মোক ইয়াত অংশ লোৱাৰ সুযোগহে দিছে। ৰাইজৰ আশীৰ্বাদেই ভৱিষ্যৎ সমাজকৰ্মৰ বাবে মোৰ প্ৰতি পৰম সাৰ্থকতা হ’ব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি