‘ৰাজনীতি আৰু ক্ৰিকেটত সকলো সম্ভৱ, পলকতে সলনি হয় খেল…’

‘ৰাজনীতি আৰু ক্ৰিকেটত সকলো সম্ভৱ, পলকতে সলনি হয় খেল…’

ডিজিটেল ডেস্কঃ'ৰাজনীতি আৰু ক্ৰিকেট খেলত আগতে একো কথা কব নোৱাৰি, কেতিয়া খেল সলনি হয় কোনেও কব নোৱাৰে। দুয়োটা ক্ষেত্ৰতে সকলো সম্ভৱ।' বৃহস্পতিবাৰে দিল্লীত এক অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৌশলপূৰ্ণভাৱে এই মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সাংবাদিক প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, ৰাজনীতি আৰু ক্ৰিকেটত সকলো সম্ভৱ। কেতিয়া খেল সলনি হয় কোনেও কব নোৱাৰে। যদি কেতিয়াবা খেলত পৰাজয় হোৱা যেনো লাগে, কিন্তু শেষত পৰিণাম বেলেগহে হয়গৈ। কৌশলপূৰ্ণভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, মই এতিয়া দিল্লীত আছো, গতিকে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বিষয়ে জ্ঞাত নহয়।'

বিজেপিৰ বাহিৰে মহাৰাষ্ট্ৰত অন্য দলৰ চৰকাৰ গঠন হলে পূৰ্বৰ আচনি সমূহ কেনেদৰে আগবাঢ়িব বুলি সোধা প্ৰশ্নত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰ সলনি হৈ থাকে কিন্তু আচনিবোৰ একে থাকে। মহাৰাষ্ট্ৰত যিসমূহ পৰিকল্পনা কৰা হৈছিল সেয়া অব্যাহত থাকিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in