যিকোনো মুহূৰ্ততে হ’ব পাৰে সন্ত্ৰাসবাদী আক্ৰমণ, ৰেড এলাৰ্ট জাৰি

যিকোনো মুহূৰ্ততে হ’ব পাৰে সন্ত্ৰাসবাদী আক্ৰমণ, ৰেড এলাৰ্ট জাৰি

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত সীমান্তত চলি থকা সংঘাতময় পৰিস্থিতিৰ বাবে দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত নিৰাপত্তা ব্যৱস্থা আধিক কটকটীয়া কৰি তোলা হৈছে। লগতে সন্ত্ৰসাবাদীয়ে আন এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰি গোপন সূত্ৰৰ ভিত্তিত ভাৰতীয় ৰে'ল বিভাগে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু গুজৰাটৰ ৰে'ল ষ্টেচনসমূহৰ নিৰাপত্তাৰ প্ৰতি সক্ৰিয় দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি ৰে'লৱে সুৰক্ষা বলৰ মহানিৰীক্ষকৰ কাৰ্যালয়ে পশ্চিম ৰে'লৱেৰ সকলো ষ্টেচনতে দীঘলীয়া যাত্ৰাৰ ৰে'ল, বিশেষকৈ জম্মু-কাশ্মীৰৰ পৰা চলাচল কৰা ৰে'লসমূহৰ ওপৰত সষ্টম নজৰ দিবলৈ সুৰক্ষা এজেন্সিক নিৰ্দেশ দিছে।

আনফালে জানিব পৰা মতে, গুজৰাটৰ চোৰাংচোৱা সূত্ৰ অনুসৰি গুজৰাটৰ ৰাজহুৱা স্থানত কেইবাটাও বিস্ফোৰণ সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এই বিস্ফোৰণসমূৰ টাৰ্গেট মন্দিৰ, মছজিদ, ৰে'লৱে ষ্টেচন আদি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই সন্ত্ৰাসবাদী কাৰ্যকলাপত জইছ-ই-মহম্মদ জড়িত থাকিব বুলিও চোৰাংচোৱাই ইতিমধ্যে প্ৰকাশ কৰিছে।

খবৰ অনুসৰি, এই আক্ৰমণ মহম্মদ ইব্ৰাহিম নামৰ এজন লোকে সংঘটিত কৰিব পাৰে। এই সন্ত্ৰাসবাদীজন পুলৱামা আক্ৰমণৰ সৈতেও জড়িত আছিল। এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জনৰ লগতে ৰেহান নামৰ এজন আত্মঘাতী বোমাৰু আৰু এগৰাকী মহিলাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰা হৈছে।

ইফালে, গোপন সূত্ৰৰ ভিত্তিত ভাৰতত সন্ত্ৰাসবাদীয়ে কুটাঘাত সংঘটিত কৰাৰ পূৰ্ব সষ্টম হৈ পৰিছে মুম্বাই প্ৰশাসনো। মুম্বাই প্ৰশাসনে শনিবাৰে ৰে'লৱে ষ্টেচনসমূহত ৰেড এলাৰ্ট জাৰি কৰে। লগতে ৰাজহুৱা স্থানত জুম বান্ধি নাথাকিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। একেদৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা কৰি হাওৰা ৰে'ল ষ্টেচনতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in