৯ ডিচেম্বৰত ‘অসম বন্ধ’! বন্ধৰ প্ৰতি সমৰ্থন সদৌ অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয় দল-সংগঠনসমূহে। চৰকাৰৰ জাতিধ্বংসী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৯ ডিচেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই।

বিধেয়ক বিৰোধী প্ৰতিবাদস্বৰূপে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান কৰা অসম বন্ধৰ প্ৰতি দেওবাৰে সমৰ্থন আগবঢ়ায় সদৌ অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে। দেওবাৰে সংগঠনটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে ৯ ডিচেম্বৰৰ বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াই কয়, 'অসম তথা অসমীয়াৰ জাতি, মাটি, ভেটি ধ্বংস কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছে। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব।'

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ হৈ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক বিতোপন পাঠকে কয় যে অসমীয়া জাতিৰ বিৰুদ্ধে চৰকাৰে ৰচা সকলো ষড়যন্ত্ৰ নসাৎ কৰিবলৈ সংগঠন সদায় সাজু আছে। অসমীয়া জাতিয়ে বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ পোষকতা কৰে সংগঠনটোৰ নেতাগৰাকীয়ে। লগতে অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চুতীয়া ছাত্ৰ সন্থাই আহ্বান কৰা অসম বন্ধলৈ সমৰ্থন আগবঢ়োৱা বুলি তেওঁ মন্তব্য কৰে।

সংগঠনটোৰ নেতা সঞ্জীৱ দাসে বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াই কয় যে এই বন্ধ গণতান্ত্ৰিকভাৱে আহ্বান কৰা হৈছে। বন্ধৰ সময়ত যদি কোনোবাই বিধেয়কৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহে তেন্তে কোনো অপ্ৰীতিকিৰ পৰিস্থিতিৰ সৃষ্টি হ'লে সংগঠন দায়ী নহয় বুলিও স্পষ্ট কৰি দিয়ে নেতাগৰাকীয়ে। লগতে অসমীয়া জাতিৰ দাবীক অগ্ৰাহ্য কৰি বিধেয়ক গৃহীত কৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব বুলিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে সঞ্জীৱ দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in