‘মেখেলা-চাদৰ’ৰ কথা শুনি হতভম্ব অভিনেত্ৰী অনুষ্কা শৰ্মাঃ VIDEO

‘মেখেলা-চাদৰ’ৰ কথা শুনি হতভম্ব অভিনেত্ৰী অনুষ্কা শৰ্মাঃ VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমলৈ আহি মহাত্মা গান্ধীয়ে কি কৈছিল? এই প্ৰশ্নৰ উত্তৰ যদি পাহৰিছে তেন্তে সেয়া আপোনাক সোঁৱৰাই দিব বলীউডৰ তাৰকা অভিনেত্ৰী অনুস্কা শৰ্মাই। কেৱল আপোনাকে নহয় সমগ্ৰ দেশবাসীকে এতিয়া অসমৰ বহু কথা ক'বলৈ আৰম্ভ কৰিছে অনুষ্কাই।

শুৱালকুছি বস্ত্ৰ উদ্যোগ কি কি সমস্যাৰে জৰ্জৰিত হৈ আছে সেই কথাও দেশবাসীক জনাইছে অনুষ্কাই। মেখেলা-চাদৰ কি সেয়া ভাৰতৰ আন ৰাজ্যৰ লোকসকলে ভালকৈ নাজানে। সেয়ে মেখেলা আৰু চাদৰনো কি তাকো সুন্দৰকৈ বুজাই দিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে। শাৰীৰ সৈতে মেখেলা-চাদৰৰ পাৰ্থক্যৰ বিষয়েও জনাইছে অনুষ্কাই।

এখন মেখেলা-চাদৰ বৈ উলিয়াবলৈ কিমান দিন লাগে? অসমৰ বহুতেই নাজানে ইয়াৰ উত্তৰ। অনুষ্কায়ো জনা নাছিল। যেতিয়াই গম পালে যে মেখেলা-চাদৰ এযোৰ বৈ উলিয়াওতে অতিকমেও ২৫ দিন লাগে তেতিয়াই আচৰিত হৈ পৰে অনুষ্কা।

'বাঃ ইমানদিনত দেখোন আমাৰ চিনেমাৰ আধা শ্বুটিঙেই শেষ হয়। সঁচাকৈয়ে এই কাম কৰিবলৈ কমখন ধৈৰ্য্য লাগিবনে?'-বিস্মিত হৈ অনুষ্কাই কৈ উঠে। চৰকাৰী চাকৰি এৰি পাট-মুগাৰ প্ৰেমত পৰা অসমৰ এগৰাকী বিশেষ মহিলাৰ কথাও উল্লেখ কৰিছে 'পিকে'ৰ জৰিয়তে সমগ্ৰ দেশতে অধিক জনপ্ৰিয় হৈ পৰা অভিনেত্ৰীগৰাকীয়ে।

কিন্তু কিয়? কি কাৰণে অনুষ্কাই দেশবাসীক জনাই ফুৰিছে অসমৰ কথা? উত্তৰ 'সুই-ধাগা'। অহা ২৮ ছেপ্তেম্বৰত মুক্তি পাব অনুষ্কাই অভিনীত নতুন ছবি 'সুই-ধাগা'। এই 'সুই-ধাগা'ৰ প্ৰমোশ্যনৰ বাবেই এতিয়া অসমৰ সহায় লৈছে অভিনেত্ৰীগৰাকীয়ে। দৃশ্যগ্ৰহণ অসমত নকৰিলেও ছবিখনত অসমৰ বস্ত্ৰ উদ্যোগৰ প্ৰসংগ আছে বুলি ধাৰণা কৰিছে উৎসুক অনুৰাগীসকলে।

উল্লেখ্য যে, মেক ইন ইণ্ডিয়াৰ ধাৰণাক লৈ নিৰ্মাণ কৰা এই কমেডী ড্ৰামা চিনেমাখনৰ প্ৰচাৰৰ বাবে নায়িকা অনুষ্কাক ছ'চিয়েল মিডিয়াত বিভিন্ন কৌতুক ৰূপত উপস্থাপন কৰা দেখা গৈছে। এনে কৌতুক ধৰ্মী প্ৰচাৰৰ মাজতে শুৱালকুছিক লৈ ছবিখনৰ ছিৰিয়াছ ধৰ্মী প্ৰচাৰ চলোৱাটোৱে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in