চিমলা আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ‘উন্মেষ’লৈ অনুৰাধা শৰ্মা পূজাৰী আমন্ত্ৰিত…

চিমলা আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ‘উন্মেষ’লৈ অনুৰাধা শৰ্মা পূজাৰী আমন্ত্ৰিত…

ডিজিটেল ডেস্কঃ সাহিত্য অকাডেমী বঁটা বিজয়ী ঔপন্যাসিকা তথা সাদিন, সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীলৈ বিশেষ সন্মান। বিশিষ্ট সাহিত্যিক, সাংবাদিকগৰাকীক অসমৰ পৰা একমাত্ৰ হিচাপে সাহিত্য অকাডেমীৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ 'উন্মেষ' লৈ আমন্ত্ৰন জনাইছে।

হিমাচল প্ৰদেশৰ চিমলাত ১৬ জুনৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ 'উন্মেষ' ভাৰত চৰকাৰৰ সাংস্কৃতক মন্ত্ৰণালয় আৰু সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। 'ইয়াত এখন অৰণ্য আছিল' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অনুৰাধা শৰ্মা পূজাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানলৈ আমন্ত্ৰিত হোৱা বিষয়টোৱে ৰাজ্যৰ সাহিত্যক্ষেত্ৰখনত উৎফুল্লিত কৰি তুলিছে।

উল্লেখ্য যে এই আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ অন্যতম আয়োজক সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা বিজ্ঞাপনত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী বিশষ্ট লেখক, সাহিত্যিকক উক্ত অনুষ্ঠানলৈ অনুৰাধা শৰ্মাৰ পূজাৰীৰ লগতে আমন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in