শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

মেঘালয়ত কয়লা মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত সক্ৰিয় সমাজকৰ্মী এগ্নেছ খাৰছিং

292

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ সক্ৰিয় কৰ্মী এগ্নেছ খাৰছিঙৰ ওপৰত আক্ৰমণ সংঘটিত কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্নীতিৰ বিৰোধিতা জনোৱাৰ লগতে নাৰীৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা মহিলা নেত্ৰীগৰাকীক বৃহস্পতিবাৰে ৰাজ্যখনৰ পূব জয়ন্তীয়া হিলছত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে।

স্থানীয় লোকসকলে খাৰছিঙক কয়লা মাফিয়াই আক্ৰমণ চলোৱা বুলি আশংকা ব্যক্ত কৰে। দীৰ্ঘদিন ধৰি ৰাজ্যখনত কয়লা মাফিয়াই অব্যাহত ৰখা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰালৈ চাই খাৰছেঙৰ ঘনিষ্ঠ মহলেও একে মন্তব্য কৰা দেখা গৈছে। সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত খাৰছিং।

দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি লোকায়ুক্ত নিযুক্তি দিয়াৰ পিছতে সংঘটিত এই ঘটনাই পাহাৰীয়া ৰাজ্যখনত দুৰ্নীতি-অনিয়মে কেনে ভয়াৱহ ৰূপ লৈছে তাৰ ইংগিত বহন কৰিছে বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। উল্লেখ্য যে লুইছ বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধেও মাত মাতি আহিছিল মেঘালয়ৰ খাৰছিঙে।

দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম চলাই অহা খাৰছিঙক এনেদৰে আক্ৰমণ চলোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই দল-সংগঠনসমূহে। এক বিবৃতিযোগে এই ঘটনাক ‘স্বৰাজ অসম’ৰ হৈ তীব্ৰভাৱে গৰিহণা জনাই দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ভৱেন সন্দিকৈয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি