আন্তঃপাঠৰি আছুৰ অধিবেশন…

আন্তঃপাঠৰি আছুৰ অধিবেশন…

ডিজিটেল সংবাদ, নগাঁও: আন্ত:পাঠৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ২১ তম বাৰ্ষিক অধিবেশনখনি বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ৷ বৰপাঠৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা অধিবেশনৰ কাৰ্যসূচী আৰম্ভ হয়৷ দিনৰ ১১ বজাৰ পৰা অসম বুৰঞ্জীৰ ওপৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে দিপ্তী বৰাই ৷

কল্যান গগৈৰ সভাপতিত্বত ১ বজাৰ পৰা অনুষ্ঠিত প্ৰতিনিধি সভাত উপস্থিত থাকে আছু নেতা মৃদুল হাজৰিকা, ৰন্টু শৰ্মা, গৌৰি শংকৰ শইকীয়া, অমৰ জ্যোতি ফুকন, ত্ৰিদীপ ভাগবতী৷ উক্ত সভাতে কল্যান গগৈক সভাপতি আৰু জ্যোতিময় বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in