আনোৱাৰ হত্যা গোচৰঃ দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ

আনোৱাৰ হত্যা গোচৰঃ দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ

ডিজিটেল সংবাদ, নগাঁওঃ অৱশেষত ন্যায় পালে ২০১৭ চনৰ ২৭ জুনত হত্যাৰ বলি হোৱা আনোৱাৰ হুছেইন নামৰ ছাত্ৰজনৰ পৰিয়ালে৷ আনোৱাৰক হত্যাৰ অভিযোগত দোষী সাব্যস্ত দুই অপৰাধী ছাইফুল ইছলাম আৰু খাইৰুল ইছলামক শুকুৰবাৰে নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (১নং)ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে৷

উল্লেখ্য যে, নগাঁও জিলাৰ কামপুৰ আৰক্ষা থানাৰ অন্তৰ্গত বকুলগুৰি নলাৰপাৰ নিৱাসী ইলিয়াছ আলীৰ ১৪ বছৰীয়া পুত্ৰ আনোৱাৰক ২০১৭ চনৰ ২৭ জুনৰ সন্ধিয়া একে গাঁৱৰে ছাইফুল ইছলাম আৰু খাইৰুল ইছলাম নামৰ যুৱক দুজনে ঘৰৰ পদূলিৰ পৰা মাতি নি হত্যা কৰে৷ একে নিশা পৰিয়ালে আনোৱাৰৰ বিচাৰ খোচাৰ কৰি অৱশেষত ঘৰৰ পৰা কিছু দূৰ নিলগৰ জংঘলৰ মাজত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই জানিব পাৰে যে সন্ধিয়া ছাইফুল আৰু খাইৰুল নামৰ যুৱক দুজনে ছাত্ৰজনক ঘৰৰ পদূলি মুখৰ পৰা মাতি লৈ যোৱাৰ পিছতে সন্ধানহীন হৈছিল কিশোৰ ছাত্ৰজন৷ পিছত কামপুৰ আৰক্ষীয়ে অভিযুক্ত দুই যুৱকৰ বিৰুদ্ধে ১৬৯/১৭ নম্বৰত গোচৰ ৰুজু কৰাৰ পিছত নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (১নং) আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷

ইফালে, আনোৱাৰৰ হত্যাৰ কথা স্বীকাৰ কৰি ছাইফুল আৰু খাইৰুল নামৰ অভিযুক্ত দুজনে সংবাদ মাধ্যমৰ আগত দুৰ্ঘটনাবশতঃ ছাত্ৰজনৰ মৃত্যু ঘটা বুলি মন্তব্য কৰে৷ সিহঁতে ছাত্ৰজনক অপহৰণ কৰি পিতৃৰ পৰা ৫-৬ লাখ বা ততোধিক টকা দাবী কৰিব বিচাৰিছিল বুলি স্বীকাৰ কৰে৷ কিন্তু ছাত্ৰজনে কথা ক'ব নোৱাৰাকৈ এটা ছোলাৰে মুখত সোপা দিব খোজতে ছোলাটো মুখৰ পৰিৱৰ্তে ডিঙিত ফাচী লাগি ছাত্ৰজনৰ মৃত্যু ঘটা বুলিও স্বীকাৰ কৰে অপৰাধী দুজনে৷ ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত দুই অপৰাধীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়৷

এই বিচাৰ প্ৰক্ৰিয়াৰ প্ৰায় ডেৰটা বছৰৰ অন্তত শুকুৰবাৰে আনোৱাৰৰ হত্যাৰ ৰায়দান কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪ ধাৰাৰ অধীনত দুই হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহে৷ ইফালে পুত্ৰ হত্যাৰ ন্যায় লাভ কৰি পুত্ৰৰ শোকৰ মাজতে আনন্দ প্ৰকাশ কৰিছে নিহত আনোৱাৰৰ পিতৃ-মাতৃয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in