পুৱতি নিশা প্ৰচণ্ড বোমা বিস্ফোৰণে কপাই গ’ল ইম্ফল…

পুৱতি নিশা প্ৰচণ্ড বোমা বিস্ফোৰণে কপাই গ’ল ইম্ফল…

ডিজিটেল ডেস্কঃ বুধবাৰে পুনৰ এক বিস্ফোৰণে কপাই তুলিলে চুবুৰীয়া ৰাজ্য মণিপুৰৰ ইম্ফল চহৰ। চহৰখনৰ পূব অঞ্চলত এক সন্দেহজনক আই ই ইডি বিস্ফোৰণ সংঘটিত হ'ল বুধবাৰে পুৱা। আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ মতে পুৱতি নিশা প্ৰায় ৩-৩০ বজাত এখন গেলামালৰ দোকানৰ সন্মুখত সংঘটিত হৈছে। অৱশ্যে সৌভাগ্যক্ৰমে এই বিস্ফোৰণত এজনো লোক হতাহত হোৱা নাই।

আৰক্ষীয়ে এই বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি পৰিদৰ্শন কৰে। আনহাতে ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ এটা দলেও বিস্ফোৰণ স্থলী পৰ্যেবক্ষণ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এই সন্দৰ্ভত বক্তব্য ৰাখি পোৰোম্পত আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক খাইলেট লাংঘালে বিস্ফোৰণটো এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচৰ (আই ই ডি) পৰা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। তেওঁ কয় যে, চিচিটিভি ফুটেজৰ জৰিয়তে আৰক্ষীয়ে এজন সন্দেহজনক ব্যক্তিকো চিনাক্ত কৰিছে। অৱশ্যে, সন্দেহজনক ব্যক্তিজনৰ পৰিচয় এতিয়াও লাভ কৰা নাই।

উল্লেখ্য যে বিগত ১৫ ডিচেম্বৰত ইম্ফলৰ পূব অঞ্চলত সংঘটিত হৈছিল আন এক এটা শক্তিশালী বিস্ফোৰণ। ইম্ফলৰ পূবৰ লামলং অঞ্চলৰ এখন ফাৰ্মাচীত সংঘটিত বিস্ফোৰণটোৱে ফাৰ্মাচীখনৰ ধ্বংস্তূপত পৰিণত কৰাৰ লগতে কাষৰ আন দোকানবোৰকো প্ৰভাৱিত কৰিছিল। ইয়াৰ পূৰ্বে ১৮ নৱেম্বৰত ইম্ফল পশ্চিম জিলাত এখন দোকানৰ সন্মুখত এনেধৰণৰ আন এটা বিস্ফোৰণৰ খবৰ পোৱা গৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in