শেহতীয়া খবৰ
দিল্লী, দিছপুৰ আকোঁৰগোজ হ’লে আমিও আকোঁৰগোজ হৈ থাকিমঃ লতাশিলত জুবিন গাৰ্গ  •  মুন্না গুপ্তা পৰৱৰ্তী আৰক্ষী আয়ুক্ত...  •  মুন্না গুপ্তা পৰৱৰ্তী আৰক্ষী আয়ুক্ত...  •  শান্তিপূৰ্ণ আন্দোলনত তৃতীয় পক্ষ জড়িত হৈ বিপথে পৰিচালিত কৰিব বিচাৰিছেঃ লুৰিণজ্যোতি গগৈ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপি নেতা ৰাম মাধৱৰ প্ৰতিক্ৰিয়া...  •  কেব আৰু এনআৰচিৰ বিৰুদ্ধে ১৯ ডিচেম্বৰত দেশজুৰি বাওপন্থী দলৰ প্ৰতিবাদ কাৰ্যসূচী...  •  বিজেপি ত্যাগ কৰিলে যতীন বৰাই...  •  বিজেপি ত্যাগ কৰিলে যতীন বৰাই...  •  গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ...  •  মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO

২০১৮তে অনুষ্ঠিত এছিয়ান গেমছৰ আৰু এটা সোণৰ পদক পাইছিল হিমা দাসে!

679

ডিজিটেল ডেস্কঃ এছিয়ান গেমছত হিমা দাসে ১৫ দিনৰ ভিতৰতে চাৰিটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত আৰু এটা সোণৰ পদক দখলৰ দিশে আগবাঢ়িছে। ভাগ্যই যেন হিমাক এছিয়ান গেমছত আৰু এটা সোণৰ পদক কাঢ়ি আনি দিব এইবাৰ।

২০১৮চনত জাকাৰ্টাত অনুষ্ঠিত হৈছিল এছিয়ান গেমছ ৪x৪০০ মিটাৰ ৰেলী মেচত ভাৰতে ৰূপৰ পদক পোৱাৰ বিপৰীতে বাহৰেইনে লাভ কৰিছিল সোণৰ পদক। মিক্স ৰেলীৰ এই শাখাত বাহৰেইন দলৰ এগৰাকী খেলুৱৈ আছিল কেমি এডেকয়া।

দৌৰবিদগৰাকী ড্ৰপ টেষ্টত উত্তীৰ্ণ হ’ব নোৱাৰাত এতিয়া এছিয়ান গেমছত সোণৰ পদক দখল কৰা বাহৰেইনৰ পদকটো নাকচ কৰাৰ সম্ভাৱনাও উজ্বল হৈ পৰিছে। সেয়ে হ’লে এছিয়ান গেমছত ৪x৪০০ মিটাৰ মিক্স ৰেলী ৰেচত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটোৱে সোণৰ পদক লাভ কৰিব।

বাহৰেইনৰ খেলুৱৈগৰাকীক ইতিমধ্যে চাৰিবছৰৰ বাবে নিলম্বন কৰা হৈছে খেলপথাৰৰ পৰা। আৰু সেয়ে হ’লে এছিয়ান গেমছত আৰু এটা সোণৰ পদক দখল কৰিব হিমাই। কিয়নো ভাৰতীয় এই মিক্স ৰেলী দৌৰৰ দলত আছিল ক্ৰমে- হিমা দাস, মহম্মদ আনাছ, এম আৰু পুবাম্মা আৰু অৰোকিয়া ৰাজীৱ।

ইফালে, বাহৰেইনৰ এই খেলুৱৈগৰাকীয়ে ৪০০ মিটাৰ দৌৰত এছিয়ান গেমছত ২০১৮চনত সোণৰ পদক লাভ কৰিছিল। এই শাখাত তৃতীয় স্থানত আছিল অনু ৰাঘৱন। এনে পৰিস্থিতি অনু ৰাঘৱনে এতিয়া এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সম্ভাৱনাও উজ্বল হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি