‘ইউনিটি উই দ্যা ব্লাড ড’নাৰচ’ গোটৰ ১২ আৰু ১৬ মে’ত বৰ্ষপূৰ্তি অনুষ্ঠান

‘ইউনিটি উই দ্যা ব্লাড ড’নাৰচ’ গোটৰ ১২ আৰু ১৬ মে’ত বৰ্ষপূৰ্তি অনুষ্ঠান

ডিজিটেল ডেস্কঃ 'ইউনিটি উই দ্যা ব্লাড ড'নাৰচ'- দৰং তথা অসমৰ বিভিন্ন প্ৰান্তৰ এচাম মানৱদৰদী যুৱক যুৱতীৰ প্ৰচেষ্টাত ২০১৯ চনৰ ১২ মে'ত গঠন হোৱা এক ৰক্তদাতা গোট। এই গোট সদস্য /সদস্যা সকলে ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ গৈ ৰোগীক স্বেচ্ছাই বিনামূলীয়াকৈ ৰক্তদান কৰি জীয়াই থকাৰ প্ৰেৰণা যোগাই আহিছে।

এই গোটটোৰ দ্বি-বাৰ্ষিক বৰ্ষপুৰ্তি অহা ১২ আৰু ১৬ মে'ত দুদিনীয়াকৈ মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। এই বৰ্ষপূৰ্তিৰ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে মৰম, প্ৰেৰণা, সাহস আৰু সহায়ৰ প্ৰয়োজন বুলি গোটৰ অন্যতম সদস্য দীপক কুমাৰ ডেকা আৰু শেখৰ মজুমদাৰে জানিব দিয়ে ৷ আনহাতে, অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই 'ইউনিটি উই দ্যা ব্লাড ডোনাৰ'লৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

বৰ্তমান সমাজত দিনে দিনে ৰক্তৰ প্ৰয়োজনীয়তা বাঢ়ি আহিছে ।কেতিয়াবা ৰক্তৰ প্ৰয়োজন হোৱা সৰু সৰু কণমানিৰ লগতে ৰক্তৰ অভাৱত অসহায় হোৱা ভুক্তভোগী পৰিয়ালকেইটিক দেখিলে সকলোৰে মন সেমেকি যায় । ৰক্তদানে নিজকে সুস্থ ৰখাৰ লগতে এজন ভুক্তভোগীক জীৱনত জীয়াই থকাৰ সাহস দিয়ে।

এজন সুস্থ সবল ব্যক্তিয়ে সুন্দৰভাৱে ৰক্তদান কৰিব পাৰে , ৰক্তদান জীৱনদান। সেয়েহে সকলোৱে সংকল্পবদ্ধ হৈ নিজৰ এটোপাল ৰক্ত দানেৰে আন এটা জীৱনৰ হাঁহিৰ কাৰণ হোৱাৰ লক্ষৰে ৰক্তদান কৰি নিজকে সমাজৰ এজন সুস্থ ব্যক্তি বুলি পৰিচয় ল'বলৈ 'ইউনিটি উই দা ব্লাড ডোনাৰচ' গোটটোৱে আহবান জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in